শ্ৰীৰামপুৰ, সংবাদ ৩৬৫, ৪ আগষ্টঃ এজাক বৰষুণতেই বুৰ যায় কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমা তথা বিটিচিৰ তিনি নম্বৰ শ্ৰীৰামপুৰ সমষ্টিৰ অন্তৰ্গত শ্ৰীৰামপুৰ ৰিফিউজী ক’লনী৷ এই ক’লনীটোৰ পুতৌলগা যাতায়াত ব্যৱস্হাই ৰাইজক জমৰ যাতনা ভোগাইছে৷ এজাক বৰষুণতেই শ্ৰীৰামপুৰ ক’লনীৰ পথসমূহ জলাশয়ত পৰিণত হৈ চৰম দুৰ্ভোগ ভোগাইছে সাধাৰণ ৰাইজৰ লগতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলক৷ বিটিচি গঠনৰ পোন্ধৰ  বছৰ হ’ল যদিও উক্ত গাওঁৰ বিধ্বস্ত বাট-পথৰ কোনো উন্নতি কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে শ্ৰীৰামপুৰ বিটিচি বাঙালী যুৱ-ছাত্ৰ ফেডাৰেছনে৷ বিটিচি অন্চলৰ বাট-পথৰ উন্নতিৰ নামত বিটিচি কৰ্তৃপক্ষই কোটি কোটি টকা ব্যয় কৰি আহিছে যদিও শ্ৰীৰামপুৰ ক’লনিৰ বাট-পথৰ দুৰৱস্হাই আদৰ্শ বিটিচিৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে৷ উল্লেখ্য যে ডি কে গঢ়কাপ্তানি পথৰ পৰা শ্ৰীৰামপুৰ ক’লোনীলৈ যাবলৈ আছে চাৰিটা পথ৷ যি চাৰিটা পথৰ এটাও যাতায়াতৰ বাৱে উপযোগী নহয়।এজাক বৰষুণ দিলে বাট-পথসমূহ বোকাপানীৰে ভৰি পৰে৷বৰষুণ হ’লেই চিন্তিত হৈ পৰে শ্ৰীৰামপুৰ ক’লনীৰ ৰাইজ৷ এই খিনিতে প্ৰশ্ন হৈছে যে শ্ৰীৰামপুৰ ক’লনীৰ জলাশয়ত পৰিণত হোৱা ৰাইজৰ বাবে বিটিচি চৰকাৰে কি পদক্ষেপ ল’য় সেয়া হ’ব লক্ষনীয়৷