শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ৪ আগষ্টঃ পুনৰ এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গল শিমলুগুৰিৰ বালি গাঁও৷ শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ বালি গাঁৱত শনিবাৰে পুৱা প্ৰায় ১০ মান বজাত  দিখৌ নৈৰ এৰা সুতিত মাছ মাৰিবলৈ গৈ এজন লোকৰ সলিল সমাধি হয় দিখৌ ত৷ এখন ভুঁৰত দিখৌৰ এৰাসুঁতিত জাল পাতি থাকোতেই পিচলি পৰে লোক জন৷  সন্ধানহীন লোকজনৰ নাম জেমছ আও৷ লোকজনৰ প্ৰকৃত ঘৰ নগালেণ্ডৰ ডিমাপুৰত আছিল যদিও কৰ্মসূত্ৰে বহুদিনৰ পৰা শিমলুগুৰিৰ বালি গাঁৱত বাস কৰিছিল লোকজনে৷ ঘটনাস্থলীত এন ডি আৰ এফৰ দল উপস্থিত হৈ আৰম্ভ কৰা আভিযানত উদ্ধাৰ হয় লোকজনৰ মৃত দেহ ।