গুৱাহাটী, সংবাদ ৩৬৫, ১১ এপ্ৰিলঃ অসমীয়া আৰু হিন্দী ভাষাৰ নিউজ পৰ্টেল সংবাদ ৩৬৫ য়ে এবছৰ সম্পূৰ্ণ কৰিলে। সংবাদ ৩৬৫ ৰ এবছৰীয়া যাত্ৰা বুধবাৰে গুৱাহাটীৰ উলুবাৰীস্থিত কাৰ্যালয়ত সকলো কৰ্মকর্তাই একগোট হৈ উদযাপন কৰে। ২০১৭ চনৰ ১১ এপ্ৰিল তাৰিখে জন্মগ্ৰহণ কৰা সংবাদ ৩৬৫ অসমৰ জনসাধাৰণক ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ সঠিক আৰু নিৰপেক্ষ বাতৰি প্ৰেৰণ কৰি আহিছে। সংবাদ ৩৬৫ য়ে ভৱিষ্যতেও এনেদৰে সঠিক আৰু নিৰপেক্ষ বাতৰি প্ৰচাৰ কৰাৰ বাবে অসমবাসী ৰাইজৰ শুভেচ্ছা আৰু আশীৰ্বাদৰ আশা কৰিছে।