দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১০ ছেপ্টেম্বৰ: দক্ষিণ কামৰূপৰ সোণতলীৰ মাহতলী এন আৰ চি সেৱা কেন্দ্ৰৰ অধীনস্থ পুৰণা গাঁৱৰ ছৈয়ন উদ্দীন নামৰ এটা পৰিয়ালে এন আৰ চিত নাম অন্তৰ্ভুক্তৰ বাবে আবেদন কৰে। লোকজনৰ ১০১৮৩২১০২১২২০৪২৯০১২৮১ নম্বৰৰ আবেদন মৰ্মে এন আৰ চিৰ প্ৰথম খচৰাত পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হয় যদিও কিন্তু চূড়ান্ত খচৰাত পৰিয়ালৰ কোনো এজনৰ নাম নহাত চাঞ্চল্যৰ সৃষ্টি কৰে। চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱাত সন্দেহজনক নাগৰিক বুলি এন আৰ চি কৰ্তৃপক্ষই জানিব দিয়ে। তাৰ পিছৰে পৰা পৰিয়ালটো শংকিত হৈ পৰে ৷ কাৰণ- ছৈয়ন উদ্দিনে বিদেশী ন্যায়াধিকৰণৰ পৰা কোনো এখন জাননী পোৱা নাই। এনে আৰ চিত আবেদন কৰাৰ সময়ত তেওৰ পিতৃ জালাল উদ্দিনৰ একেটা লিগেছি ডাটা ব্যাৱহাৰ কৰিছিল ভাই-ককাই সকলে ৷ সকলোৰে পৰিয়াল সহকাৰে নাম অন্তৰ্ভুক্ত হৈছে এনে আৰ চিৰ চুড়ান্ত খচৰাত। আনহাতে ছৈয়ন উদ্দিনৰ দুই পুত্ৰ জুলহাছ আলী, শ্বিৰাজুল হক আৰু কন্যা মৰমী বেগমৰ জন্মৰ প্ৰমান পত্ৰ থকাৰ লগতে ছৈয়ন উদ্দিনৰ পত্নী জয়মন নেছাৰো বৈধ ভাৰতীয় নাগৰিকৰ নথি-পত্ৰ আছে ৷ বৰপুত্ৰ জুলহাছ আলীয়ে লিখা-পঢ়া এৰি দৰিদ্ৰ পৰিয়ালটোক পোহপাল দিয়াৰ ক্ষেত্ৰত পিতৃক সহায় কৰে যদিও আনজন পুত্ৰ অষ্টম শ্ৰেণীত আৰু কন্যাই সপ্তম শ্ৰেণীত অধ্যায়নৰত ৷ তেনেক্ষেত্ৰত পৰিয়ালটোৰ প্ৰতিজন সদস্য কেনেকৈ ডি ভোটাৰ হব পাৰে বুলি ভুক্তভুগি ছৈয়ন উদ্দিনৰ বহুমুলীয়া প্ৰশ্ন এন আৰ চি কতৃপক্ষলৈ। ইয়াৰোপৰি ছৈনুদ্দিনৰ ককাদেউতাৰ নামত ভাৰত স্বাধীন পূৰ্ব্বৰ ১৯৪৩, ১৯৪৪ চনৰ মাটিৰ ম্যাদি পাট্টাৰ প্ৰমান পত্ৰ সহ ১৯৭১ চন পৰ্যন্ত ভোটাৰ তালিকাত নাম আছে ৷ তেওৰ পিতৃৰো ভোটাৰ তালিকাত নাম আছে ১৯৬৬ চনৰ পৰা ৷ ছৈয়ন উদ্দিনৰ নিজৰ নামো আছে ১৯৯৭ চনৰ পৰা বৰ্তমানলৈ ৷ নিয়মিত ভাৱে প্ৰতিটো নিৰ্ব্বাচনত ভোটদান কৰি আহিছে ছৈয়ন উদ্দিনে ৷ কোনো এখন ভোটাৰ তালিকাত ডি ভোটাৰ বুলি চিহ্নিত হোৱা নাই ছৈয়ন উদ্দিনৰ নাম। বিদেশী ন্যায়াধিকৰণৰ পৰা এখন জাননী পৰ্যন্ত লাভ কৰা নাই ছৈয়ন উদ্দিনে ৷ তেনেক্ষেত্ৰত ছৈয়ন উদ্দিনৰ সৈতে পৰিয়ালটো সন্দেহযুক্ত বিদেশী তথা এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা ঘটনাটো সহজ ভাৱে লব পৰা নাই ভুক্তভোগী পৰিয়ালটোৱে।