কলগাছিয়া, সংবাদ ৩৬৫, ১০ ছেপ্টেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে বৰপেটা জিলাৰ কলগাছিয়াৰ চিভিল হস্পিতালত সোমবাৰে দিল্লীৰ পৰা আহি উপস্থিত হৈছে স্বাস্থ্য সেৱা বিভাগৰ কাম কাজৰ বুজ লবলৈ কমন ৰেভিউ মিছন দল। ডাঃ পবন খান্নাৰ নেতৃত্বত এছ ট্ৰেহান, ডাঃ আশালতা আৰু ডাঃ অৰূপ ডেকাৰে গঠিত চাৰিজনীয়া দলটোৱে জিলাখনত কেন্দ্ৰীয় চৰকাৰে স্বাস্থ্যৰ ক্ষেত্ৰত গ্ৰহন কৰা আচনি সমুহৰ সফল প্ৰয়োগ আৰু বিভাগটোৰ সমস্যা সম্পৰ্কত পৰ্যালোচনা কৰে । দিল্লীৰ পৰা কলগাছিয়াত আহি উপস্থিত হোৱা কমন ৰেভিউ মিচনৰ দলটোৱে সোমবাৰে বৰপেটা জিলাৰ কলগাছিয়া স্বাস্থ্য বিভাগৰ বিষয়াসকলৰে এক আলোচনাচক্ৰত মিলিত হয় ৷ এই আলোচনাত স্বাস্থ্য সেৱা সম্পৰ্কত পৰ্যালোচনা কৰে কেন্দ্ৰীয় চৰকাৰৰ দলটোৱে ৷ দলটোৱে দুখীয়া মানুহক উন্নত মানৰ স্বাস্থ্য সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ ভূমিকা সম্পৰ্কে মত বিনিময় কৰে ৷ এই উদ্দেশ্যে দলটোৱে হস্পিতাল, পৰীক্ষাগাৰ পৰীক্ষা কৰাৰ লগতে স্বাস্থ্য সেৱা সম্পৰ্কত ৰাইজৰো মতামত গ্ৰহণ কৰে ৷ পৰিদৰ্শনৰ অন্তত দলটোৱে স্বাস্থ্য সেৱা বিভাগৰ আসোৱাহ সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব ৷ দলটোৱে জিলাখনত ৩ দিন ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ পিচতে বৰপেটা চিভিল হস্পিতাল কলগাছিয়া স্বাস্থ্য সেৱা বিভাগৰ অৱস্থাৰ বুজ লয়।