সোণতলী, ১২ এপ্ৰিলঃ বিজেপি চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধ্যক্ষ ডাঃ কমলা কান্ত কলিতাৰ গৃহ সমষ্টি দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰী উন্নয়ন খণ্ডত আজি ২৫ টাকৈ এমজিএনৰেগা আঁচনিৰ শুভাৰম্ভনি কৰা হয় ৷ বিগত কংগ্ৰেছ চৰকাৰৰ দিনত দুৰ্নীতিত থকা-সৰকা হৈ পৰা গৰৈমাৰী উন্নয়ন খণ্ডৰ উন্নয়ন মূলক কামসমূহ বিগত এটা বছৰে স্থবিৰ হৈ পৰিছিল ৷ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ছত্ৰছায়াত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি ডাঃ কমলা কান্ত কলিতাই দাবী উত্থাপন কৰে ৷ ছয়গাঁও সমষ্টিৰ সামগ্ৰিক উন্নয়ন তথা বিকাশৰ স্বাৰ্থত কলিতাই আজি গৰৈমাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আনোৱাৰ হুছেইন, অভিযন্তা অমৃত বৰ্মন, আমছুৰ প্ৰাক্তন উপ সভাপতি স্বাহাব চৌধুৰী প্ৰমুখ্যে স্থানীয় পঞ্চায়ত প্ৰতিনিধিসকলৰ উপস্থিতিত এমজিএনৰেগা আঁচনিৰ অধীনত গৰৈমাৰী আৰক্ষী চকীৰ চাৰিসীমাৰ বেৰ নিৰ্মাণ, মাজৰটোপৰ মৰা কলহী বিলৰ পাৰ বান্ধ নিৰ্মাণ, শিঙিমাৰী হাবি গাঁৱৰ পথ নিৰ্মাণকে ধৰি ২৫ টাকৈ আঁচনিৰ আনুষ্ঠানিকভাবে শুভাৰম্ভনি কৰে ৷