গুৱাহাটী, ১২ এপ্ৰিলঃ ব’হাগ মাহ প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে উছাহৰ মাহ৷ ব’হাগতে আৰম্ভ হয় অসমীয়া নতুন বৰ্ষ। ব’হাগ মাহত নতুন বর্ষক শিখ সম্প্ৰদায়ৰ লোকসকলে বৈশাখি হিচাপে উদযাপন কৰে।উত্তৰ-পূব ভাৰতত থকা শিখ সম্প্ৰদায়ৰ লোকসকলে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত বৈশাখি উৎসৱৰ আয়োজন কৰিছে। এই উপলক্ষে আজি উত্তৰ-পূৰ্বাঞ্চলৰ শিখ সম্প্ৰদায়ৰ লোকসকলে গুৱাহাটীৰ বেলতলা গুৰুদুৱাৰাৰ পৰা বৰাগাঁও গুৰুদুৱাৰালৈকে  এক বিশেষ শোভাযাত্ৰাৰ আয়োজন কৰে৷ শিখসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ গ্ৰন্থ চাহেবক লৈ নগৰ কীৰ্তন পাঠেৰে মুখৰিত কৰি তোলে ৰাষ্ট্ৰীয় ঘাইপথ৷ এই শোভাযাত্ৰাত শিখ যুৱকসকলে বিভিন্ন কলা-কৌশলো প্ৰদৰ্শন কৰে৷ শিখসকলৰ গুৰু গোবিন্দ সিঙৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি সমাজৰ কল্যানৰ প্ৰাৰ্থনা কৰি ব’হাগ মাহৰ প্ৰাকক্ষণত এই নগৰ কীৰ্ত্তন কৰা হয়। বৈশাখিৰ পৰম্পৰাই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য আৰু শান্তি প্ৰতিষ্ঠা কৰাত  বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিব পাৰি।