সোনাপুৰ,১২ এপ্ৰিলঃ সোনাপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সম্মুখত দীর্ঘদিন ধৰি এখন ষ্টেচনাৰী দোকানত চলি অহা অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে আজি প্ৰশাসনে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য মতে ষ্টেচনাৰী দোকানখনৰ স্বত্বাধিকাৰী দণ্ডু দাস সোনাপুৰ আৰক্ষীক মেনেজ কৰি দীর্ঘ দিন ধৰি অবৈধ সুৰাৰ ব্যবসায় চলাই আহিছিল। সুৰাৰ এই অবৈধ ৰমৰমীয়া ব্যবসায়ৰ বিৰুদ্ধে স্থানীয় ৰাইজে সোনাপুৰ ৰাজহ চক্ৰ বিষয়ক অভিযোগ দিয়াত চক্ৰ বিষয়া ডঃ ধ্ৰুৱজ্যোতি হাজৰিকাই ততালিকে পদক্ষেপ গ্ৰহণ কৰি আৰক্ষীৰ সহযোগত অভিযান চলাই অবৈধ সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয়। দোকানখনৰ গৰাকী দণ্ডু দাসে নিজৰ ষ্টেচনাৰী দোকানৰ পিছফালে থকা গুদাম ঘৰত লক্ষাধিক টকা মূল্যৰ অবৈধ সুৰাখিনি লুকুৱাই ৰাখিছিল। অভিযানত আৰক্ষীয়ে অবৈধ সুৰাৰ লগত ১২ টা অবৈধ ৰন্ধন গেছৰ চিলিণ্ডাৰো  জব্দ কৰে।  অভিযোগ অনুসৰি দণ্ডু দাসে বিলাতী সুৰাৰ অবৈধ ব্যবসায়ৰ লগতে ৰন্ধন গেছৰ কলা ব্যবসায়ৰ এখন সম্ৰাজ্য গঢ়ি তুলিছিল। অৱশ্যে আজিৰ এই অভিযানৰ পৰা দণ্ডু দাস পলাই সাৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে সোনাপুৰৰ প্ৰায় বিশখনৰো অধিক দোকান তথা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ধাবাত বৰ্তমানেও অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া ব্যবসায় চলি আছে যদিও কামৰূপ মহানগৰ জিলা প্ৰশাসন তথা আবকাৰী বিভাগে চকু মুদা কুলিৰ ভাওঁ ধৰি থকা বুলি স্থানীয় বাসিন্দাই অভিযোগ কৰে।