বিজয়নগৰ

২৮ অক্টোবৰ

বিজয়নগৰ আৰক্ষী চকীৰ মহিলা কনিষ্টবলৰ চিপ লৈ আত্মহত্যা। এমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল মহিলা কনিষ্টবল গৰাকী। সমগ্ৰ অঞ্চলটোত অতিকৈ অমায়িক স্বভাৱৰ মহিলা কনিষ্টবল হিচাপে জনাজাত আছিল মহিলা কনিষ্টবল গৰাকী।

দক্ষিণ কামৰুপৰ বিজয়নগৰ আৰক্ষী চকীত কৰ্মৰত মহিলা আৰক্ষী কনিষ্টবল কল্পনা ৰাভাই মঙলবাৰে নিশা আৰক্ষী চকীৰ ওচৰৰে ভাড়া ঘৰত চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰায় এমাহ পুৰ্বে বকো শিলবড়ীৰ নিজ গাঁৱৰে দিনৰঞ্জন ৰাভা নামৰ যুৱকজনৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা মহিলা কনিষ্টবল গৰাকীয়ে কি কাৰনত ভাড়া ঘৰত আত্মহত্যাৰ পথ বাচি ল’লে সেয়া জানিব পৰা হোৱা নাই। বুধবাৰে পুৱা পলাশবাৰী ৰাজহ চক্ৰ বিষয়া গৰাকীৰ উপস্থিতিত বিজয়নগৰ আৰক্ষীয়ে আত্মহত্যা কৰা মহিলা কনিষ্টবল গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। অতিকৈ অমায়িক স্বভাৱৰ মহিলা কনিষ্টবল গৰাকীৰ এনে মৃত্যুয়ে বিজয়নগৰ আৰক্ষী চকীত কৰ্মৰত প্ৰতিগৰাকী ব্যক্তিক আচম্বিত কৰি তুলিছে।

এগৰাকী অমায়িক স্বভাৱৰ মহিলা কনিষ্টবলে এনে ধৰণৰ পন্থা বাছি লোৱাত সমগ্ৰ বিজয়নগৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। এইয়া এক আত্মহত্যাৰ ঘটনা বুলি স্পষ্ট যদিও মৰোণত্তৰ পৰীক্ষাৰ পিছতহে মহিলা কনিষ্টবল গৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।