ফজলুৰ ৰহমান

সোণতলী

২৮ অক্টোবৰ

দক্ষিণ কামৰূপৰ সোণতলীত ভয়ংকৰ বাইক দুৰ্ঘটনা৷ দুই বাইকৰ মুখামুখি সংঘৰ্ষত নিহত আগশাৰীৰ কংগ্ৰেছ কৰ্মী। অঞ্চলজুৰি শোকৰ ছাঁ। নিহত কংগ্ৰেছ কৰ্মী গৰাকীৰ বাসগৃহত উপস্থিত বকোৰ বিধায়িকা নন্দিতা দাস।

মঙলবাৰে নিশা বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ নিজকাঠমী গাঁৱত সংঘটিত হয় এক ভয়াবহ বাইক দুৰ্ঘটনা। দুই বাইকৰ মুখমুখি সংঘৰ্ষত ৫৩ নং বগুৰীগুৰী গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সম্পাদক তথা কংগ্ৰেছ সেৱাদলৰ এজন আগশাৰী কংগ্ৰেছ কৰ্মী আমিৰ হুছাইন গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয়। মুৰত গুৰুত্বৰভাৱে আঘাত পোৱা আমিৰ হুছাইনক নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰোৱা হয় যদিও বুধবাৰে পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে আমিৰ হুছাইনে।

বুধবাৰে সন্ধিয়াৰ ভাগত আমিৰ হুছাইনৰ জানাজা সম্পূৰ্ণ কৰা হয়। মৃত আমিৰ হুছাইনৰ ঘৰত বকোৰ বিধায়িকা নন্দিতা দাস, ছমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি ধনেশ্বৰ বায়নৰ লগতে বহু কংগ্রেছ কর্মী উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃত্যু আমিৰ হুছাইনৰ আত্মাৰ চিৰ শান্তি কামণা কৰে৷