গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মাৰ্চ : অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সমগ্ৰ বিশ্বৰে এটা সৰ্ববৃহৎ ৰাজনৈতিক ছাত্ৰ সংগঠন। বিদ্যাৰ্থী পৰিষদে জন্ম লগ্নৰে পৰা ৰাজনৈতিক সচেতনতা আৰু দায়বদ্ধতা অৰাজনৈতিকভাৱে পালন কৰি সজাগতাৰ সৃষ্টি কৰি আহিছে । আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিদ্যাৰ্থী পৰিষদে অসমত এলানি কার্যসূচী গ্ৰহণ কৰিছে। এই কথা গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেল অনুষ্ঠিত কৰি জানিবলৈ দিয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে।

বহু নাগৰিকে নানা অজুহাতত ভোটদান প্ৰক্ৰিয়াৰ পৰা বিৰত থাকে। এই ধৰণৰ নাগৰিকসকল ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে পৰিষদে সজাগতাৰ সৃষ্টি কৰিব।

“নোটা”ৰ জৰিয়তে নিজৰ ভোটাধিকাৰ নষ্ট কৰা, ভোটাৰক প্ৰলোভন দিয়া, ভোটাৰক ভাবুকি দিয়া, জাতি-ধৰ্ম-বৰ্ণ আদিৰ বিভাজনৰ ৰাজনীতিৰ বিৰুদ্ধে বিদ্যাৰ্থী পৰিষদে সজাগতামূলক কাৰ্য্যসূচী গ্ৰহণ কৰিব।

এইবাৰৰ লোকসভা নিৰ্বাচনত ভোটাৰ ৰাইজক সেনাৰ সন্মানৰ বাবে, দেশৰ সুৰক্ষা আৰু সন্মানৰ বাবে,সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে, মহিলাৰ সুৰক্ষাৰ বাবে,শিক্ষাৰ বিকাশৰ বাবে ভোটদান কৰিবলৈ অসমৰ ৰাইজক বিদ্যাৰ্থী পৰিষদে অনুৰোধ জনায়।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এইবাৰ নেশ্যন ফাৰ্ষ্ট ভোটিং মাষ্ট শ্ল’গানেৰে এশ শতাংশ ভোটদানৰ বাবে কাৰ্য্যসূচী আৰম্ভ কৰিব।