গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মাৰ্চ : লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এন চি পিৰ কাৰ্য্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত এন চি পিৰ সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰীয়ে কয় যে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দল এন চি পিৰ অসম ৰাজ্যিক সমিতিয়ে ৰাজ্যখনৰ জনসাধাৰণৰ মৌলিক সমস্যাবোৰ সমাধানৰ বাবে নিজৰ সীমিত সাংগঠনিক আৰু আৰ্থিক অৱস্থাৰে , সততাৰে ৰাইজৰ পক্ষত বিগত দিনবোৰত মাত মাতি আহিছে।

সেয়েহে গণতান্ত্ৰিক প্ৰক্ৰিয়াত সক্ৰিয় অংশ গ্ৰহণৰ উদ্দেশ্যে ১৪ নং লখিমপুৰ লোকসভা সমষ্টিত শ্ৰী মহেন্দ্ৰ ভূঞাক ৰাইজৰ সহযোগিতা কামনা কৰি প্ৰাৰ্থীত্ব আগবঢ়াইছে। স্বাধীনোত্তৰ অসমত সৰ্বাংগীন আঞ্চলিক উন্নতিৰ বাবে সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত বলিষ্ঠ ভূমিকা লৈছিল জন নেতা শৰৎ চন্দ্ৰ সিংহই।

শৰৎ চন্দ্ৰ সিংহৰ নীতি-আদর্শক সাৰোগত কৰি আগন্তুক লোকসভা নিৰ্বাচনত ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব আগবঢ়াইছে। যাতে এগৰাকী সৎ,নিৰ্ভীক প্ৰাৰ্থীয়ে ৰাজ্যৰ জনসাধাৰণৰ মৌলিক সমস্যাৰ লগতে বিদেশী অনুপ্ৰৱেশ, বিতৰ্কত নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ অৱসান ঘটাবলৈ বাস্তৱ দৃষ্টিভংগীৰে সংসদত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। সেয়েহে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলে অসমবাসীক তেওঁলোকৰ ভোট এন চি পিৰ প্ৰাৰ্থীক ঘড়ীৰ চিহ্নত দিবলৈ আহ্বান জনায় ।