গুৱাহাটী, সংবাদ ৩৬৫, ১৬ ছেপ্টেম্বৰ: এ টি এম কাৰ্ডৰ সবিশেষ বিচাৰি বেংকৰ পৰা ফোন কৰিলে সাৱধান হোৱাটো জৰুৰী। হাৰিয়ানাৰ দুই যুৱক ক্ৰমে প্ৰবীণ কুমাৰ আৰু মনজিত সিং এই দুই যুৱকে গুৱাহাটীত বাঁহৰ পাতি নিজকে বেংক বিষয়া বুলি পৰিচয় দি বেংক গ্ৰাহকৰ পৰা এ টি এমৰ সবিশেষ বিচাৰি ফোন কৰি তথ্য সংগ্ৰহ কৰি জালিয়তিৰে লুটি নিয়ে লক্ষ লক্ষ টকা । লগতে সাধাৰণ লোকক এ টি এমৰ পৰা ধন উলিওৱাৰ সময়ত সহায় কৰাৰ বুদ্ধিৰে মুহূৰ্তৰ ভিতৰতে লুটি নিয়ে বহু টকা। এই দুই প্ৰবঞ্চকৰ জালত পৰি সৰ্বছাঁন্ত হৈ পৰিছে ৰাজ্যৰ বহু লোক। আজাৰা আৰক্ষীয়ে দেওবাৰে বিশেষ্ সূত্ৰৰ পম খেদি বৰঝাৰ বিমান বন্দৰৰ সমীপৰ ভি আই পি চকৰ পৰা কৰায়ত্ত কৰে দুই যুৱকক। পাছত আৰক্ষীয়ে দুই যুৱকৰ পৰা ৪৩ খন উকা এ টি এম কাৰ্ড , লেপটপ, স্বাইপ মেচিন, ৩টা মোবাইল, প্ৰায় ২০০০ নগদ ধন, আমেৰিকান ডলাৰ আদি উদ্ধাৰ কৰে । উল্লেখ্য যে প্ৰায় এমাহ ধৰি গুৱাহাটীত বাঁহৰ পাতি থকা হাৰিয়ানাৰ প্ৰবীণ কুমাৰ আৰু মনজিত সিং নামৰ এই দুই ভণ্ড যুৱকে শনিবাৰে নিশা বিমানেৰে দিল্লীলৈ যোৱাৰ যোজা চলাইছিল ।গুৱাহাটীত থকা সময়ত প্ৰায় অসমৰ ১২ গৰাকী বেংক গ্ৰাহকক জালত পেলাইছিল ।