কাৰ্বি আংলং, সংবাদ ৩৬৫, ১৬ছেপ্টেম্বৰ: ৰাজ্যত আজিও একবিংশ শতিকাত অন্ধবিশ্বাসৰ পৰা ওলাব পৰা নাই ৰাজ্যবাসী। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিনতো অন্ধবিশ্বাসৰ ফলত কৰবাত যদি ডাইনী হত্যা ,কৰবাত আকৌ সোপাধৰা বুলি মাৰপিট কৰা ঘটনাই সকলোৰে মনত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ উত্তৰণ বুলি ঢাক ঢোল বজাই থকা সময়তো ৰাজ্যৰ গ্ৰাম্যাঞ্চল সমূহত আজিও যেন সজাগতাৰ অভাৱ। বিশেষকৈ অন্ধবিশ্বাসৰ ফলত সোপাধৰা সন্দেহত মৰিয়াই মৰিয়াই হত্যা কৰা দকমকা কাণ্ডৰ দৰে ভয়ংকৰ ঘটনা আজিও সকলোৰে চকুত ভাহি উঠে। যাৰ বাবে সজাগতাৰ উদ্দেশ্যি এইবাৰ পাহাৰীয়া জিলাখনত পুনৰ অনুষ্ঠিত হল এক সজাগতা সভা। দেওবাৰে কাৰ্বি আংলং জিলাখনৰ বকলিয়াৰ ৰজাপথাৰত অনুষ্ঠিত এই সজাগতা সভাত উপস্থিত আছিল মন্ত্ৰী চুমৰং হাং, বিধায়ক ডাঃ নোমল মমিন,জয়ৰাম ইংলেঙ,কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰামছিং তিমুংৰ লগতে জিলা উপায়ুক্ত,তথা আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ বিষয়া তথা কেইবাগৰাকী অধিবক্তা। সভাত বৃহত্তৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোকসকলে অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ এই সজাগতা সভাত অংশগ্ৰহণ কৰে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। সভাৰ ভাষণত বিধায়ক ডাঃ নোমল মমিনে কয় যে- “কাৰ্বি পাহাৰত কেতিয়াও পুনৰাবৃত্তি হব নালাগিব দকমকা কাণ্ড। জিলাখনৰ প্ৰতিজনে প্ৰথমে নিজে সজাগ হব লাগিব। অন্ধবিশ্বাস প্ৰথমাৱস্থাত আৰম্ভ হয় নিজৰ ঘৰখনৰ পৰাই। যাৰ বাবে আমি যিকোনো খবৰ পালে আৰক্ষীৰ সৈতে অথবা বিভাগীয় কৰ্তৃপক্ষকহে অৱগত কৰিব লাগে। হাতত আইন তুলি লব নালাগে” এইবুলি কয়। উল্লেখ্য যে,কাৰ্বি পাহাৰত সজাগতা সভা এইয়াই প্ৰথম বা একমাত্ৰ নহয় বুলি কোৱাৰ লগতে জিলা উবায়ুক্ত এম.মহন্তই কয় যে -“এই সজাগতা অভিযান এতিয়া কাৰ্বি পাহাৰৰ সকলোতে কৰা হব কিয়নো অন্ধবিশ্বাস আমি দূৰ কৰিবই লাগিব। পৰৱৰ্তী সময়তো হামৰেন, ডিফু,বোকাজান আদি অঞ্চলৰ বিভিন্ন ভিতৰুৱা অঞ্চলটো এনে সজাগতা অভিযান চলোৱা হব”।