গুৱাহাটী, সংবাদ ৩৬৫, ৭ এপ্ৰিল : দেওবাৰে দিনৰ ২ বজাত জি এচ ৰোডত অৱস্হিত হোটেল গ্ৰেন্ড ষ্টাৰ লাইনত অসমৰ ভিন্ন স্হানৰ প্ৰায় ছয় শতাধিক যুৱক যুৱতীয়ে ঐক্য সেনা অসমত যোগদান কৰে।

বিগত সময়চোৱাত অসমীয়া ৰাইজৰ প্ৰতিটো সমস্যা সমধানৰ ক্ষেত্ৰত দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰি অহাৰ বাবেই অনুগ্ৰত প্ৰকাশ কৰি নতুন প্ৰজন্মৰ যুৱক যুৱতী সকলে যোগদান কৰে। ঐক্য সেনা অসম গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যেগত অনুষ্ঠিত এই বৃহৎ যোগদান কাৰ্যসুচীত কেন্দ্ৰীয় সমিতিৰ সভাপতি দেৱজ্যেতি শৰ্মা, উপদেষ্টা বেগম জান, মনোৰন্জন বৰা, মুখ্য সম্পাদক শ্বহিদুল ইছলাম, সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকা,মুখ্য মুখ্যপাত্ৰ কমল কুমাৰ আদি উপস্হিত থাকে।

যোগদান কাৰ্যসূচীৰ লগত সংগতি ৰাখি সভাত মুখ্য সম্পাদক শ্বহিদুল ইছলামে সংগঠনৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে ভাষণ আগবঢ়ায়। সভাত মহিলা সৱলীকৰণ ক্ষেত্ৰত বহল ভাৱে বক্তব্য আগবঢ়াছে ফৰিদ ইছলাম হাজৰিকাই। অসমৰ প্ৰায় প্ৰত্যেক খন জিলাৰ বিষয়ববীয়াই অংশ গ্ৰহণ কৰা উক্ত সভাত সভাপতি দেৱজ্যেতি শৰ্মাই অসমৰ পৰিস্হিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

সভাত কেন্দ্ৰীয় সমিতিৰ উপসভানেত্ৰী অনিতা ভূঞা, স্বপ্না গগৈ, সম্পাদিকা চন্দনা চৌধুৰী, সাংকৃতিক সম্পাদক য়ুস্মিতা বৰা , মহিলা কোষৰ সম্পাদক উৰ্মিমালা দেৱী উপস্হিত থাকে।