নলবাৰী, সংবাদ ৩৬৫,৭ এপ্ৰিল : আগন্তুক লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্য্যায়ত অনুষ্ঠিত হ’ব লগা বৰপেটা লোকসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে । ৬ নং বৰপেটা লোকসভা সমষ্টিটোৰ অন্তৰ্গত ধৰ্মপুৰত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আব্দুল খালেকে আজি চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদ প্ৰেক্ষাগৃহত কংগ্ৰেছ দলে অনুষ্ঠিত কৰা আদৰণি অনুষ্ঠান তথা কৰ্মী সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায় ।

সভাত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে ভাষণ প্ৰসংগত ব্যক্ত কৰে যে কথা আৰু ভাষণৰ ফুলজাৰিৰে অভিলেখ গঢ়া প্ৰধানমন্ত্ৰী মোডী আৰু তেওঁৰ দলক ৰাইজে আৰু বিশ্বাসত নলয় বুলি দোহাৰি মোডীয়ে বাৰে বাৰে টেঙা আম বেচিব নোৱাৰে বুলি ভাষণত উল্লেখ কৰে । ইফালে অগপক ভ্ৰষ্ট ৰাজনৈতিক দল আখ্যা দি কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে অসম চুক্তিক আখৰে আখৰে পালন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক বিলেৰে অসম বাসীক কুঠাৰঘাত কৰা বিজেপি দলৰ সতে মিলি নিৰ্বাচনী বৈতৰণী পাৰ হব বিছাৰিছে বুলি ভাষণত দোহাৰে ।

পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি বিকুল তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকা ,অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি প্ৰদ্যুত ভূঞা,মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰ সহ বহু কেইজন কংগ্ৰেছ দলৰ বিষয়ববীয়া উপস্থিত থাকে ।