কালগাছিয়াৰ পৰা স্বফিকুল হাচান, সংবাদ ৩৬৫, ১৪ জুলাইঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিত কংগ্ৰেছৰ বিধায়ক থকাৰ পিছতো কলগাছিয়াৰ চনপুৰাত জনীয়া যুৱ কংগ্ৰেছৰ উদ্যোগত বিকল্প ৰাজ্যিক ঘাইপথৰ মেৰামতি কৰিব হ’ল। উল্লেখ্য যে, বিকল্প ৰাজ্যিক ঘাইপথ নিৰ্মাণ কোম্পানী গৌতম কনষ্ট্ৰাকছন আৰু চৰকাৰৰ অৱহেলাৰ বাবে পথ নিৰ্মান কোম্পানীটোৱে নিৰ্ধাৰিত সময় উকলি যোৱৰ পিছতো পথটো নির্মাণ সম্পূৰ্ণ কৰিব নোৱাৰাত পথটো এক আঠু বোকা আৰু পানীৰে ভৰি পৰাত ৰাইজ বিগত দুমাহ ধৰি যমৰ যাতনা ভোগ কৰিব লগা হৈছে। উপায়ন্তৰ হৈ শনিবাৰে যুৱ কংগ্ৰেছে পথটো মেৰামতিৰ কাম কান্ধত লৈ ওলাই আহে। বিধায়ক আব্দুল খালেকৰ পৰমৰ্শ মতে যুৱ কংগ্ৰেছীয়ে বিনামূলীয়া শ্ৰম দানেৰে পথটো মেৰামতি কৰে বুলি সাংবাদিকৰ আগত ব্যাক্ত কৰাৰ লগতে চৰকাৰ, বৰপেটা জিলা প্ৰশাসন আৰু ঠিকাদাৰৰ মৈমতালি তথা অৱহেলাৰ বাবেই দীৰ্ঘদিন ধৰি ৰাইজ যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আছিল বুলি অভিযোগ উত্থাপন কৰে যুৱ কংগ্ৰেছৰ কৰ্মী সকল।