ৰঙিয়া, সংবাদ ৩৬৫, ১৪ জুলাইঃ কামৰূপ জিলাৰ ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত শনিবাৰে দুপৰীয়া এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে তীব্ৰ গতিত আহি থকা এএছ-০১-ডিএফ-৬৮০১ নম্বৰৰ চুইফ ভিএক্স এখন ৰঙিয়াৰ ভাতকুছিত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ৭টাকৈ সীমা খুটি মহটিয়াই পথৰ কাষত থকা এখন পুখুৰীত সুমাই যায়। দুর্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে গাড়ীখনৰ ভিতৰত থকা লোক সকলক উদ্ধাৰ কৰি উলিয়াই আনে যদিও বাহন খনত থকা ছয়জনকৈ আৰোহীৰ ভিতৰত দুজনৰ আৰোহীৰ মৃত্যু হয়। গাড়ী খনত থকা আন চাৰিজন আৰোহীক অতি সংকটজনক অৱস্থাত ৰঙিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে। আৰোহী কেইজনৰ অৱস্থা সংকটজনক হোৱাত বৰ্তমানলৈকে দুৰ্ঘটনাত আহত আৰু মৃত্যু হোৱা ব্যক্তি সকলৰ পৰিচয় জানিব পৰা হোৱা নাই যদিও গাড়ী খনৰ গৰাকী মুকুল মেধি বুলি গাড়ী খনত এখন কাগজ পোৱা গৈছে।