গুৱাহাটী

২০ অক্টোবৰ

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে অসমীয়া জাতিৰ বাবে অশনি সংকেট কঢ়িয়াই মোগলজোঁট গঠন কৰা বুলি মন্তব্য কৰিছে বিজেপি নেতা তথা অসম সংখ্যালঘু ব’ৰ্ডৰ অধ্যক্ষ ছৈয়দ মুমিনুল আৱালে। মঙলবাৰে গুৱাহাটীত সাংবাদিকৰে মত বিনিময় কৰি আৱালে কয় যে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে কংগ্ৰেছ দলে যি মহাজোঁট গঠন কৰাৰ কথা কৈছে সেয়া প্ৰকৃততে মোগলজোঁটহে। কিয়নো কংগ্ৰেছে যিবোৰ দলক লৈ মিত্ৰজোঁট গঠন কৰিছে সেইবোৰ অসমৰ জাতীয় ঐতিহ্য¸ কৃষ্টি-সংস্কৃতি¸ পৰম্পৰা তথা জাতীয় সত্ত্বাৰ বিপৰীতে অনস্থান কৰা শক্তি।

আৱালে কয় যে কংগ্ৰেছ মহাজোঁটৰ অংশীদাৰ এআইইউডিএফ বাংলাদেশী মুছলমানৰ তৃতীয় সংস্কৰণ। বাংলাদেশী মুছলমানৰ প্ৰথম সংস্কৰণ আছিল আমছু। আনহাতে ১৯৮৫ চনত ৰাজনৈতিকভাৱে দ্বিতীয় সংস্কৰণটোৰ আবিৰ্ভাৱ হৈছিল ইউএমএফ’ৰ ৰূপত। আকৌ কুখ্যাত আইএমডিটি আইন বাতিলৰ পাছত এআইইউডিএফ’ৰ ৰূপত জন্ম হৈছিল তৃতীয়টো সংস্কৰণৰ। এতিয়া এই বাংলাদেশীৰ শক্তিক লৈয়েই কংগ্ৰেছে মিত্ৰজোঁট গঠন কৰিছে। আৱালে কয় যে কংগ্ৰেছৰ মহাজোঁটৰ অংশীদাৰ বাওঁ দলসমূহেও সদায় অসমৰ জাতীয় স্বাৰ্থৰ বিপৰীতে অৱস্থান কৰি আছে। অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ প্ৰসংগত বাওঁ দলসমূহৰ স্থিতি¸ ভূমিকা আৰু আচৰণ কি আছিল সেয়া ৰাইজে জানে। বাওঁ দলসমূহে অসম আন্দোলনৰ বিৰোধিতা কৰিছিল। এই ৰাজনৈতিক শক্তিয়ে কেতিয়াও অসমীয়াৰ স্বাৰ্থৰ কাৰণে কাম কৰা নাছিল। যাৰবাবে কংগ্ৰেছ দলে এআইইউডিএফ আৰু বাওঁ দলসমূহক লৈ গঠন কৰা মহাজোঁট নিশ্চিতভাৱে মোগলজোঁটলৈ পৰিণত হৈছে।

এই মহাজোঁট অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ বাবে অশুভ ইংগিত। বিজেপি নেতাগৰাকীয়ে কয় যে অসমত পোন প্ৰথমে কংগ্ৰেছেই আমছু আৰু ইউএমএফ’ৰ জৰিয়তে ৰাজনৈতিকভাৱে ধৰ্মীয় মেৰুকৰণ আৰম্ভ কৰিছে। আমছু¸ ইউএমএফ আৰু এআইইউডিএফ’ৰ জৰিয়তে কংগ্ৰেছে পূৰ্বৰেপৰা অসমীয়া সমাজখনক ভাগ ভাগ কৰিবলৈ ধৰ্মৰ আশ্ৰয় লৈ আহিছে। এই শক্তিসমূহক লৈ কংগ্ৰেছে ৰাজ্যখনত ধৰ্মীয় মেৰুকৰণ কৰি আছে। আৱালে কয় যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী¸ বিভিন্ন ভাষা-ভাষী¸ ধৰ্মাৱলম্বী লোকৰ স্বাৰ্থত তেওঁলোকক লগত লৈ কংগ্ৰেছৰ মহাজোঁটৰূপী মোগলজোঁটৰ বিৰুদ্ধে ৰণত অৱত্তীৰ্ণ হ’ব আৰু ইয়াত নিশ্চিতভাৱে কংগ্ৰেছ পৰাজিত হ’ব। ইয়াৰ পূৰ্বে মোগলে ১৭ বাৰ অসম আক্ৰমণ কৰিছিল আৰু ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠী¸ ধৰ্মাৱলম্বী লোকে প্ৰতিবাৰেই মোগলক পৰাস্ত কৰিছিল। ২০২১ চনত মোগলৰ চিন্তা-চৰ্চাৰে গঠন কৰা মহাজোঁট ১৮ বাৰৰ বাবে পৰাজিত কৰিব।

জনসাধাৰণে কংগ্ৰেছৰ জাতিধ্বংসী চিন্তাক প্ৰতিহত কৰিব। আৱালে পুনৰ কয় যে বিজেপিক সাম্প্ৰদায়িক দল বুলি সততে অভিযোগ কৰা হয় যদিও কংগ্ৰেছৰ শাসনকালতহে অসমত ইছলামধৰ্মীয় লোকৰ ওপৰত অত্যাচাৰ কৰা হৈছিল। কংগ্ৰেছ আমোলত ইছলামধৰ্মী লোকক হত্যা কৰা হৈছিল। নিৰ্যাতন চলোনা হৈছিল। এতিয়া বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত তেনে পৰিৱেশ নাই। কংগ্ৰেছহে সাম্প্ৰদায়িক দল। কংগ্ৰেছৰ উদ্যোগতহে অসমত প্ৰথম সাম্প্ৰদায়িক চিন্তাৰ উন্মেখ ঘটিছিল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধৰ্মীয় চিন্তাৰ ঊৰ্ধত থাকি অসমত মোগলৰ আক্ৰমণ চলি থকাৰ কথা কোৱা বুলি দোহাৰি আৱালে কয় যে অসমৰ ভাষা¸ কৃষ্টি-সংস্কৃতি¸ ঐতিহ্য-পৰম্পৰাৰ বিপৰীত মেৰুত অৱস্থান গ্ৰহণ কৰাসকলহে মোগল আৰু মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ বিৰুদ্ধে ঐক্যৱদ্ধ হ’বলৈ সকলোকে আহ্বান জনাইছে।