আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা
শিৱসাগৰ
২০ অক্টোবৰ

শিৱসাগৰ বৰপুখুৰীৰ পাৰত এজাক কৰ’ণা যোদ্ধা৷ চাকৰিৰ অনিশ্চয়তাত ভূগি চৰকাৰী নিৰ্দয়তাৰ ছবি দাঙি ধৰিলে শতাধিক এন এইচ এমৰ কৰ্মীয়ে।

কৰণা’ৰ সময়ছোৱাত অভাৱনীয় মানৱ সেৱাৰে দেশৰ ইতিহাসত এক উজ্জল নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা এজাক কৰণা যোদ্ধা। মানৱ সমাজলৈ এক জটিল সময়ত উৎকৃষ্ট সেৱা প্ৰদাণ কৰাৰ বাবেই বায়ু সেনাই আকাশ মাৰ্গৰ পৰাই পুস্প বৰ্ষণেৰে সম্ভাষণ জনোৱা এজাক কৰ’ণা যোদ্ধা আজি প্ৰতাৰিত৷ চৰকাৰী মিথ্যাচাৰ, বঞ্চনাৰ বলি হ’বলৈ ওলোৱা এজাক কৰ’ণা যোদ্ধাই চিকিৎসালয় এৰি ওলাই আহিছে ৰাজপথলৈ৷ সুদীৰ্ঘ ১৪ বছৰ ধৰি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত ফিস্ক পে কৰ্মচাৰী হিচাপে শিৱসাগৰ জিলাৰ বিভিন্ন স্বাস্থ্য কেন্দ্ৰত নিয়োজিত হৈ আহিছে যদিও সম্প্ৰতি ৰাজ্যৰ স্বাস্থ্য বিভাগে নতুনকৈ নাৰ্চ নিযুক্তিৰ বাবে বিজ্ঞাপন জাৰি কৰি বয়সৰ উদ্ধ সীমা ৪০ বছৰৰ নিদ্ধাৰণ কৰি অনুষ্ঠিত কৰিবলৈ লোৱা নিযুক্তিয়ে এই সকল কৰ’ণা যোদ্ধালৈ নমাই আনিছে সংকট৷

প্ৰথমতে ১৩-১৪ বছৰ ধৰি সেৱা আগবঢ়াই অহা অমৰ চাকৰি নিয়মীয়া কৰক৷ ৪০ বছৰ বয়সৰ উদ্ধ সীমা ওকলি যোৱা সকল সাক্ষাতকাৰত অৱতীৰ্ণ হ’ব নোৱাৰকলৈ ক্ষোভ এইসকলৰ। ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰতি ক্ষোভ উজাৰিলে চাকৰিৰ অনিশ্চয়তাত ভূগা ফিস্ক পে ধাৰী ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অন্তৰ্গত এ এন এম নাৰ্চে সকলে।