কুন্দন ভৰালী

নগাঁও

২১ অক্টোবৰ

নগাঁও আৰক্ষীয়ে লাভ কৰিলে অন্য এক বৃহৎ সাফল্য। নিশাৰ ভাগত অভিযান চলাই উদ্ধাৰ কৰিলে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যৰ লগতে অস্ত্ৰ-শস্ত্ৰ। নিচাজাতীয় দ্ৰব্যৰ লগত জড়িত মূল অভিযুক্তৰ পলায়ন। আটক অভিযুক্তৰ পত্নী।

নিচাজাতীয় দ্ৰব্যৰ ঘাটিত পৰিণত হোৱা নগাঁও জিলাত মঙলবাৰে নিশা চলিল আৰক্ষীৰ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান। এক গোপন খবৰৰ ভিত্তিত নগাঁৱৰ কাটিমাৰী চি আৰ পি এফ কেম্পৰ সমীপত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে এটা পিষ্টল আৰু কেইবাটাও অস্ত্ৰ উদ্ধাৰ কৰে। হয়বৰগাঁও আৰক্ষী আৰু নগাঁও সদৰ নগৰ শাখা আৰক্ষীৰ যুটীয়া অভিযানত শফিকুল ইছলাম নামৰ এজন লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে নিচাজাতীয় দ্ৰৱ্যৰ লগতে বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে। আৰক্ষীৰ অভিযানৰ খবৰ পাই শফিকুল ইছলাম পলাই যাবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে আটক কৰে শফিকুল ইছলামৰ পত্নী হাঁচিনা বেগমক।

উল্লেখ্য যে নগাঁও জিলাত বিগত কিছুবছৰ ধৰি দিনক দিনে ব্যাপক হাতৰ বৃদ্ধি পাবলৈ ধৰিছে নিচাজাতীয় দ্ৰব্যৰ বেহা। জিলাখনৰ বিভিন্ন অঞ্চলত একাংশ লোকে মুকলিভাৱে নিচাজাতীয় দ্ৰব্যৰ বেহা চলাই থকাৰ অভিযোগ বিভিন্ন সময়ত উথাপিত হৈ আহিছে। ইফালে আৰক্ষীয়ে বিভিন্ন সময়ত নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য।