গুৱাহাটী, সংবাদ ৩৬৫, ৮ এপ্ৰিল : হেপাঁহৰ ৰঙালী বিহুটিক প্ৰাকক্ষণত মহানগৰীৰ ধাৰাপুৰ দুৰ্গা মন্দিৰৰ প্ৰাঙ্গনত অভিনেত্ৰী শ্যমন্তীকা শৰ্মাই ককাল ভাঙি নাচিলে বিহু কণমানি সকলৰ লগত ।

হেপাঁহৰ ৰঙালী পদূলি মূখ পোৱাৰ সয়মতে মহানগৰীৰ ধাৰাপুৰত কণমানি সকলোৰে লগত ঢোলৰ চেৱত ককাল ভাঙি নাচিলে শ্যামন্তিকা শৰ্মাই। প্ৰথম বাৰৰ বাবে সৃজনী সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা আঠ দিনীয়া বিহুনৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অভিনেত্ৰী শ্যামন্তিকাই অংশগ্ৰহণ কৰি উৎসাহিত কৰিলে কৰ্মশালাত যোগদান কৰা কণমানি সকলোকে।

শ্যামান্তিকাৰ লগত কঁকাল ভাগি বিহু নৃত্যত উপভোগ কৰিলে কণমানি সকলে । উক্ত কৰ্মশালাত ধাৰাপুৰৰ লগতে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ কণমানি সকলে অংশগ্ৰহণ কৰে ।