মানকাচৰ

১ মে’

মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত জাল নোটসহ এজন বাংলাদেশী নাগৰিক আটক। বাংলাদেশৰ পৰা ভাৰতলৈ জাল নোটখিনি সৰবৰাহৰ চেষ্টা চলাই থকা সময়ত বিএছএফৰ হাতত আটক হয় জাল নোট সৰবৰাহকাৰী বাংলাদেশী নাগৰিকজন।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ গুদলিগাঁও বিএছএফ কেম্পৰ অধীনত মণ্ডলপাৰাত শুকুৰবাৰে নিশা বিএছএফে জাল নোটসহ এজন বাংলাদেশী নাগৰিকক আটক কৰি মানকাচৰ থানাত গতাই দিয়ে। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত থকা ৬ নং বিএন বিএছএফে সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ কাষত পহৰা দি থকা অৱস্থাত কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশী লোক এজনে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰে। তেনে সময়ত ৬ নং বিএন বিএছএফৰ সঞ্জয় সদু নামৰ জোৱান জনে বাংলাদেশী নাগৰিকজনক আটক কৰে। বি এছ এফৰ জোৱানজনে বাংলাদেশী নাগৰিকজনৰ পৰা নগদ ১৯,৫০০ টকাৰ ভাৰতীয় জাল নোট জব্দ কৰে।

ধৃত বাংলাদেশীজন বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানা অন্তৰ্গত সাতকৰাইবাৰী গাঁৱৰ বাসিন্দা আবু বক্কাৰৰ পুত্ৰ ৰাশিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। বিএছএফে ইতিমধ্যে জাল নোটসহ বাংলাদেশীজনক মানকাচৰ থানাত গতাই দিয়াত আৰক্ষীয়ে বাংলাদেশীজনক অধিক তথ্যৰ বাবে মাৰাথন জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। বাংলাদেশীজনক আৰক্ষীয়ে সোমবাৰে আদালতত হাজিৰ কৰিব। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তয়েদি এটা চক্ৰই দীৰ্ঘদিন ধৰি গৰু-মহৰ লগতে ড্ৰাগছ সৰবৰাহ চলাই আছে।

আনহাতে বাংলাদেশৰ পৰা ভাৰতীয় টকাৰ জালনোট সৰবৰাহও চলি থকা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আছে। ফলত মানকাচৰৰ লগতে অসম তথা দেশৰ বিভিন্ন প্ৰান্তত এনে জাল নোট বজাৰে বজাৰে বিয়পি পৰা পৰিলক্ষিত হৈছে। ঘটনাক লৈ মানকাচৰ আৰক্ষী একো তথ্য সদৰি কৰা নাই যদিও বিএছএফে বাংলাদেশীজনক আটক কৰি এক বৃহৎ সফলতা অৰ্জন কৰাৰ কৰিছে। বাংলাদেশীজনক মানকাচৰ আৰক্ষীয়ে জেৰা চলাই কি তথ্য পোহৰলৈ আনিব পাৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।