জোনমণি বেগম

বিশ্বনাথ

১৭ মে’

বিশ্বনাথ জিলাৰ বালিপুখুৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত থিতাতে এজন লোক নিহত হোৱাৰ লগতে আহত হয় অন্য এজন লোক। দুয়োজন লোকৰ ঘৰ মেঘালয়ৰ শ্বিলংত বুলি জানিব পৰা গৈছে।

সোমবাৰে আবেলি প্ৰায় ৪ মান বজাত বিশ্বনাথৰ বালিপুখুৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। অৰুণাচল প্ৰদেশৰ পৰা আহি থকা মেঘালয় মেঘালয়ৰ পঞ্জীয়ন যুক্ত এম এল-০৫ কিউ-১৯৫০ নম্বৰৰ তীব্ৰ বেগী হোণ্ডা এক্সিন্ট গাড়ী এখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

পথ দুৰ্ঘটনাৰ ফলত গাড়ীখনত থকা দুজন লোকৰ ভিতৰত এজন লোক থিতাতে নিহত হয় হোৱাৰ লগতে এজন লোক গুৰুত্বৰভাৱে আহত হয়। নিহত লোকজন গাড়ীখনৰ চালক শংকৰ ছেত্ৰী আৰু গুৰুত্বৰভাৱে আহত হোৱা লোক জন ৰাজেশ যাদৱ বুলি জানিব পৰা গৈছে।

আহত ৰাজেশ যাদৱক ৰাইজে উদ্ধাৰ কৰি সংকটজনক অৱস্থাত বিশ্বনাথ চাৰিআলিস্থিত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুয়োজন লোকৰ ঘৰ মেঘালয়ৰ শ্বিলংত বুলি জানিব পৰা গৈছে।