গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মাৰ্চ : গুৱাহাটীৰ ৰেলৱে আৰক্ষীৰ বৃহৎ সাফল্য । গুৱাহাটী ৰেল ষ্টেচনত বৃহস্পতি বাৰে পুৱা উদ্ধাৰ কৰা হয় এক বৃহৎ পৰিমাণৰ সোণ। পুৱা ৭ বাজি ৩০ মিনিটত ৰেলৱে আৰক্ষীৰ গুৱাহাটী ৰেল ষ্টেচনত নিয়মীয়া তালাচিত ১ নম্বৰ প্লেটফৰ্মৰ পৰা উদ্ধাৰ কৰা হয় সোণখিনি। উদ্ধাৰ কৰা সোণখিনিৰ ওজন ১.২৯৮ কিল’গ্ৰাম।

নামনিমুৱা ৰাজধানী এক্সপ্ৰেছত সোণখিনি অনাৰ সন্দেহ। এটা পৰিত্যক্ত বেগত সন্দেহবশত তালাচী চলাওঁতেই উদ্ধাৰ হয় সোণ খিনি।

উল্লেখ্য যে ট্ৰলি বেগ এটাৰ চকা হিচাপে ব্যৱহাৰ কৰা হৈছিল সোণখিনি। ট্ৰলি বেগটোৰ চাৰিটা চকাৰ তিনিটা চকা নিৰ্মান কৰা হৈছিল সোণেৰে ।