বাইহাটা চাৰিঅালি, সংবাদ ৩৬৫, ২৭ মাৰ্চঃ কামৰূপ আৰক্ষীৰ জালত ধুহি কাণ্ডৰ খলনায়ক । কমলপুৰ আৰক্ষীয়ে মহানগৰীৰ পৰা আত্মগোপন কৰি থকা অৱস্থাত কৰায়ত্ব কৰে ৰিজুল আলী নামৰ হত্যাকাৰী জনক।

উল্লেখ্য যে যোৱা ২৩ মাৰ্চত কামৰূপৰ কঞা থানাৰ অন্তৰ্গত ২নং ধুহি গাঁৱত সংঘটিত হৈছিল এক নৃশংস হত্যা কাণ্ড । ধুহি গাঁৱৰ ২০ বছৰীয়া যুৱক আছিফ আহমেদক ৰিজুল আলিয়ে ডেগাৰেৰে হানি খুচি হত্যা কৰাৰ পিছত সৃষ্টি হৈছিল এক অপ্ৰীতিকৰ পৰিস্থিতিৰ । যাৰ বাবে গাঁৱৰ মানুহে ৰিজুলৰ ঘৰ বাৰি ভাঙি চিঙি চুৰমাৰ কৰাৰ লগতৰ জ্বলাই দিছিল তিনিখন বাইকৰ লগতে এখন ওৱাগেনৰ গাড়ীও । হত্যাকাণ্ড সংঘটিত কৰি ধুহি গাঁৱৰ পৰা পলায়ন কৰি ৰিজুল আলীয়ে আত্মগোপন কৰি আছিল গুৱাহাটী মহানগৰীৰ এক অজ্ঞাত স্থানত আৰু সম্প্ৰতি কমলপুৰ আৰক্ষীয়ে গুৱাহাটী চহৰত আত্মগোপণ কৰি থকা অৱস্থাত কৰায়ত্ব কৰিবলৈ সক্ষম হয়।