গুৱাহাটী, সংবাদ ৩৬৫, ২৭ মাৰ্চ : কমিটি টু প্ৰটেক্ট জাৰ্ণালিষ্ট নামৰ আন্তৰ্জাতিক সন্থাৰ ভাৰতৰ প্ৰতিনিধি কুনাল মজুমদাৰে বুধবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ আয়োজন কৰে।

সংবাদমেলত তেখেতে কয় যে ভাৰতবৰ্ষৰ সমাগত নিৰ্বাচনত সমগ্ৰ বিশ্ব দৃষ্টি নিবদ্ধ হৈ আছে। এই বিশাল নিৰ্বাচনী প্ৰক্ৰিয়া বা-বাতৰিৰ পৰিবেশনৰ ক্ষেত্ৰত সাংবাদিকে সাৱধানতা অৱলম্বনৰ প্ৰয়োজনীয়তা আছে। নিৰ্বাচনত বিভিন্নপক্ষই নিৰ্বাচনৰ সপক্ষে বাতৰি প্ৰকাশৰ স্বাৰ্থত ভুল তথ্য যোগান ধৰে ।সংবাদ মাধ্যম এই ক্ষেত্ৰত সচেতন নহলে তেনে তথ্যই চৰকাৰ গঠনৰ প্ৰক্ৰিয়াত ক্ষতিগ্ৰস্ত হব পাৰে। তদুপৰি সাংবাদিক সকলে নিজৰ সুৰক্ষাৰ কাৰণে কিছু নিয়ম মানি চলা প্ৰয়োজন আছে।কমিটি টু প্ৰটেক্ট জাৰ্ণালিষ্ট নামৰ আন্তৰ্জাতিক সন্থাৰ ভাৰতৰ প্ৰতিনিধি কুনাল মজুমদাৰে বুধবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত এই মন্তব্য প্ৰকাশ কৰে।

তেওঁ লগতে কয় যে সমগ্ৰ সাংবাদিকৰ ওপৰত শাৰীৰিক মানসিক অত্যাচাৰ বৃদ্ধি পাইছে আৰু ভাৰতটো এনে ঘটনা বিৰল নহয়।এতিয়া এখন শান্তিপূৰ্ণ দেশতো সাংবাদিকক নিৰ্যাতনৰ ঘটনা দেখা পোৱা যায়। চ’চিয়েল মিডিয়াইও এই ক্ষেত্ৰত জটিলতা সৃষ্টি কৰিছে। আনকি ৰাজনৈতিক শক্তিয়ে এই মাধ্যমক অপ-ব্যৱহাৰ কৰি জনসাধৰণক বিভ্ৰান্তি কৰি তুলিছে।সেয়েহে সাংবাদিক সকলৰ দায়িত্ব আজি তাৰিখত বৃদ্ধি পাইছে। বিশেষ কৈ অঘোষিত সূত্ৰৰ পৰা অহা তথ্য ব্যৱহাৰত সাংবাদিক সকল সচেতন হব লাগিব।

মজুমদাৰে লগতে সাংবাদিক সকলে তথ্য প্ৰযুক্তি ব্যৱহাৰত বিচক্ষণতা প্ৰয়োজন আছে বুলি মন্তব্য কৰে। আনহাতে গুৱাহাটীৰ প্ৰেছ ক্লাৱৰ সম্পাদক নৱ ঠাকুৰীয়াই অধিক সংখ্যক ভোটাৰ ৰাইজে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে আৰু ৰাইজৰ ভোটৰ গ্ৰহণযোগ্য চৰকাৰ গঠনৰ পথত সাংবাদিক সকলে অগ্ৰণীয়া ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি মত প্ৰকাশ কৰে।