গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মাৰ্চ : ৰাজ্যত শেহতীয়াভাৱে কয়লা সৰবৰাহ বন্ধ হৈ থাকিলেও কিন্তু চোৰাং ব্যৱসায়ীয়ে ৰাজ্যত চোৰাংভাৱে এতিয়াও চলাই আছে কলা হীৰাৰ ৰমৰমীয়া বেহা । কয়লা মাফিয়াই আৰক্ষী প্ৰশাসন বনবিভাগ আদিক মেনেজ কৰি গোপনে চলাই আছে কলা হীৰাৰ ব্যৱসায় ।

বহিঃৰাষ্ট্ৰলৈ চোৰাংভাৱে এতিয়াও চলি আছে কয়লাৰ ৰমৰমীয়া বেহা । দুধনৈৰ পৰা নেপাললৈ সৰবৰাহ হোৱাৰ সময়তে যোৱানিশা আজাৰা আৰক্ষীয়ে এক বিশেষ অভিযান চলাই আজাৰাত ইউ পি-৩০-এ-৭৭৪৩ নম্বৰৰ এখন ১৮ চকীয়া কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে । গোপনসুত্র পম খেদি আৰক্ষীয়ে জব্দ কৰা এই কয়লাভৰ্তি ট্ৰাকখন চালক সহিতে জব্দ কৰি তাৰ অনুসন্ধান অব্যাহত ৰাখিছে।

কিন্তু প্ৰশ্ন হয় ৰাজ্যত কয়লা সৰবৰাহ বন্ধ হৈ থকাৰ সময়চোৱাত কাৰ আশীৰ্বাদত এনেদৰে ৰাষ্ট্ৰীয় ঘাই পথেৰে চলি আছে এই কলা হীৰাৰ বেহা । কেতিয়া সম্পূৰ্ণ বন্ধ হব এই কলা হীৰাৰ ব্যৱসায় । প্ৰতিদিনে সংবাদ মাধ্যমত কয়লাৰ চোৰাং ব্যৱসায় সন্দৰ্ভত বাতৰি সম্প্ৰসাৰণ হৈ আছে যদিও কয়লা মাফিয়া সকলে কেনেদৰে ব্যৱসায় চলাই আছে সেয়াহে ডাঙৰ বিষয় । নে নিৰ্বাচনত টকাৰ প্ৰয়োজন বাবে একাংশ ৰাজনৈতিক দলৰ নেতা পালিনেতাই চলাই আছে এই কলা হীৰাৰ ব্যৱসায় । সম্প্ৰীতি আজাৰা আৰক্ষীয়ে এই কয়লাভৰ্তি ট্ৰাক খন কৰপৰা আহিছে আৰু এই চোৰাং ব্যৱসায়ত কোন কোন লোক জড়িত আছে সেয়া অনুসন্ধান আৰম্ভ কৰিছে ।

অবৈধভাৱে চলা এই কয়লা সৰবৰাহত জড়িত আছে নেকি কোনোৱা নেতাৰ লগতে উচ্চ পদস্থ বিষয়া ? এয়া আৰক্ষীৰ তদন্তৰ পিছত হে পোহৰলৈ আহিব ।