গুৱাহাটী, সংবাদ ৩৬৫, ২৭ মাৰ্চ : অসমৰ জাতীয় স্বাৰ্থত আঘাতসনা আৰু সংকট নমাই আনিব পৰা জাতিধংসী কেবৰ বিৰোধীতাৰে ঐক্য সেনা অসমে ৭০ সংগঠনৰ উমৈহতীয়া মঞ্চত থাকি সজোৰে কেবৰ বিৰোধীতা কৰি আহিছিল। এই ঐক্য সেনা অসমে সম্প্ৰতি ৭০ সংগঠনৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেই উপলক্ষে ঐক্য সেনা অসমে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰে ।

সংবাদমেলত তেওঁলোকে কয় যে সম্প্ৰতি দীৰ্ঘদিনীয়া আন্দোলন আৰু প্ৰতিবাদ উত্তৰ পূৰ্বৰ সমগ্ৰ ৰাজ্যৰ তীব্ৰ প্ৰতিবাদৰ ফলস্বৰূপে কেব অনাৰ অভিসন্ধি সফল নহ’ল। এয়া ঐক্য সেনা অসম আৰু ৭০ সংগঠনৰ বিজয় ।

এতিয়া যিহেতু কেবৰ প্ৰসংগ সাময়িকভাৱে বাতিল হৈছে সেয়ে আমি ৭০ সংগঠনৰ মজিয়াৰ পৰা আঁতৰি আহিছোঁ। পৰৱৰ্তী সময়ত কেব বা এনেধৰণৰ কোনো জাতিদ্রোহী ষড়যন্ত্ৰৰ বিৰুদ্ধে পুনৰ একত্ৰ হোৱাৰ বাবে প্ৰয়োজনত বিবেচনা কৰা হব বুলি সংবাদমেলত জানিবলৈ দিয়ে ঐক্য সেনা অসমে।

আনহাতে ঐক্য সেনা অসম কোনো ৰাজনৈতিক দলৰ লগত সম্পৰ্ক নাই বুলি সংবাদমেলত জানিবলৈ দিয়ে । তেওঁলোকে আৰু কয় যে যদি অসমৰ বানপানী সমস্যা, গৰাখহনীয়া সমস্যা, নিবনুৱা সমস্যা,শিক্ষাৰ সমস্যা, স্বাস্থ্যৰ সমস্যা এইবিলাকৰ ওপৰত যদি কোনোবা নিৰ্দলীয় প্ৰাৰ্থীয়ে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি যদি লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হয় তেওঁলোকক সহায় কৰিব ।