কলগাছিয়া ১৫ ছেপ্তেম্বৰঃ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত তাপেশ্বৰাত কলগাছিয়া আৰক্ষীৰ সহযোগত বৰপেটা চাইল্ড লাইনে এগৰাকী  কিশোৰীক উদ্ধাৰ কৰে৷ প্ৰাপ্ত তথ্য মতে, দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক পৰিয়ালৰ লোকে গোপনে বিয়া দিয়াৰ সম্ভেদ পাই কলগাছিয়া আৰক্ষীৰ সহযোগত বৰপেটা চাইল্ড লাইনে নিশা অভিযান চলাই পিতৃ গৃহৰ পৰা কিশোৰীগৰাকীক উদ্ধাৰ কৰে৷ কলগাছিয়া আৰক্ষী আৰু বৰপেটা চাইল্ড লাইনে বিয়াৰ অভৰ্থনা চলি থকা অৱস্থাত কিশোৰীগৰাকীক উদ্ধাৰ কৰে৷  অভিভাৱকে ১৮ বছৰৰ পূৰ্বে ছোৱালী গৰাকীক বিয়া নিদিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে চাইল্ড লাইনে কিশোৰীগৰাকীক অভিভাৱকক চমজাই দিয়ে।