ৰঙিয়া, ১৫ ছেপ্টেম্বৰঃ অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদত আৰু বিনাচৰ্তে মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসমৰ প্ৰতিবাদ অব্যাহত ৰাখিছে৷ ৰঙিয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, আৰএছএছ মুৰ্দাবাদ, বিজেপি চৰকাৰৰ হিটলাৰী শাসন বন্ধ কৰক, অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক আদি শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে। ছাত্ৰ মুক্তিৰ প্ৰতিবাদৰ সময়ত ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত শতাধিক যান বাহন আৱদ্ধ হৈ পৰে। প্ৰতিবাদকাৰীসকলে আজিৰ ভিতৰত অখিল গগৈক মুক্তি নিদিলে সমগ্ৰ ৰাজ্যতে ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।