কলগাছিয়া, ৩ চেপ্তেম্বৰঃ বৰপেটাৰ কলগাছিয়া আৰক্ষী থানাৰ মইনবড়ী আৰক্ষী চকীৰ অন্তৰ্গত বালিকুৰি চৰত ঈদৰ নিশা এক চাঞ্চল্যকৰ ডকাইতি ঘটনা সংঘটিত হোৱাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। এই ডকাইতি কাণ্ডত মফিদুল ইছলাম আৰু ৰুকিয়া খাতুন নামৰ মাতৃ-পুত্ৰ গুৰুতৰভাবে আহত হয়। দুয়োজনক সম্প্ৰতি চান্দমামা মডেল চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে। প্ৰাপ্ত তথ্য মতে, নিশা শুই থকা অৱস্থাত ৬-৭ জনীয়া ডকাইতৰ দল এটা দৰজা ভাঙি ঘৰত প্ৰৱেশ কৰি পিস্তল দেখুৱাই মফিদুলৰ হাত-ভৰি বান্ধি ২ লাখ টকা দাবী কৰে। ডকাইতৰ দলটোৱে চোকা অস্ত্ৰৰে মফিদুলক আক্ৰমণ কৰাৰ লগতে মাতৃ ৰুকিয়া খাতুনক প্ৰহাৰ কৰি ২ লাখ টকাসহ সোণৰ অলংকাৰ লুট নিয়ে। উল্লেখ্য যে তামিলনাডুৰ এটা কোম্পানীত কৰ্মৰত মফিদুল মঙলবাৰে ঈদৰ উপলক্ষে ঘৰলৈ আহিছিল। ডকাইতি কাণ্ডত জড়িত থকা সকলৰ এজনক জহিদুল ইছলাম বুলি জানিব পৰা হৈছে।