অনলাইন ডেস্ক সংবাদ ডেস্ক, ৩ ছেপ্টেম্বৰঃ ম্যানমাৰৰ উত্তৰ পশ্চিমত অৱস্থিত ৰোহিঙীয়াৰ মুছলমান আধিপত্য অঞ্চলত যোৱা সপ্তাহত ২,৬০০ত কৈও অধিক গৃহত অগ্নি সংযোগ কৰাৰ ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। বৰ্তমান অঞ্চলটোৰ ৫৮ হাজাৰ ৰোহিঙীয়া মুছলমানে প্ৰাণৰ ভয়ত ম্যানমাৰৰ পৰা বাংলাদেশলৈ পলায়ন কৰিছে। সংযুক্ত ৰাষ্ট্ৰৰ অন্তৰ্গত কাম কৰা শৰণাৰ্থী সংস্থাই এই বিষয়ে জানিবলৈ দিয়ে। ম্যানমাৰ চৰকাৰে ৰাখিন প্ৰান্তত ৰোহিঙীয়া মুছলাম সকলৰ গৃহত অগ্নি সংযোগ কৰা ঘটনাৰ লগত আৰাকান ৰোহিঙীয়া মুক্তি সেনা জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে। আনহাতে ৰোহিঙীয়া মুছলমান সকলে জানিবলৈ দিয়া অনুসৰি ম্যানমাৰৰ সেনাই তেওঁলোকৰ গৃহত অগ্নি সংযোগ কৰে আৰু ৰোহিঙীয়া মুছলমান সকলক হত্যা কৰে। ম্যানমাৰত ৰোহিঙীয়া মুছলামনা সকলক সৰ্ম্পূণৰূপে নিঃশেষ কৰাৰ উদ্দেশ্যে ম্যানমাৰৰ সেনাই এই হত্যালীলা চলাই আছে। চেটেলাইততো ম্যানমাৰৰ সেনাই ৰোহিঙীয়া মুছলমান আধিপত্য অঞ্চলত অগ্নিসংযোগ কৰাৰ দৃশ্য ধৰা পৰিছে। সংযুক্ত সন্থাৰ মতে বৰ্তমান ম্যানমাৰৰ পৰিস্থিতি অতিকৈ ভয়াবহ হৈ আছে।