অনলাইন ডেস্ক সংবাদ ডেস্ক, ৩ ছেপ্টেম্বৰঃ তৃতীয়বাৰলৈ সম্প্ৰসাৰিত হ’ল বহুচৰ্চিত মোদী মন্ত্ৰীসভাৰ। ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ কৰিলে ১৩গৰাকী মন্ত্ৰীয়ে। ৰাষ্ট্ৰপতি ভৱনত পদ আরু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। মোদী মন্ত্ৰীসভাৰ ৪গৰাকী ৰাজ্যমন্ত্ৰীৰ কেবিনেট মন্ত্ৰীলৈ পদোন্নতি হোৱাৰ লগতে ৯গৰাকী নতুন মন্ত্ৰীয়ে মন্ত্ৰীসভাত স্থান লাভ কৰে। কেবিনেট মন্ত্ৰীলৈ পদোন্নতি হোৱা ৰাজ্যমন্ত্ৰী কেইজন ক্ৰমে  পীয়ুষ গোৱেল, ধৰ্মেন্দ্ৰ প্ৰধান, নিৰ্মলা সীতাৰমন আৰু মুক্তাৰ আব্বাছ নকভীক। আনহাতে ৰাজ্য মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে অনন্ত কুমাৰ হেগড়ে, অশ্বিনী কুমাৰ চৌবে, বীৰেন্দ্ৰ কুমাৰ, শিৱ প্ৰতাপ শুক্লা, ৰাজুমাৰ সিং, হৰদ্বীপ সিং পুৰী, গজেন্দ্ৰ সিং শ্বেখাৱট, সত্যপাল সিং আৰু অলফ’নছ কান্নান্থানমে। শপত লোৱা মন্ত্ৰীসকলৰ বিহাৰ উত্তৰ প্ৰদেশৰ দুজন আৰু মধ্যপ্ৰদেশ, কৰ্ণাটক, ৰাজস্থান, কেৰালাৰ এজনকৈ সাংসদ। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পাছতে চীনলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোদী। দিনৰ ১২ বজাত জিয়ামেনলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰীগৰাকী। চুবুৰীয়া ৰাষ্ট্ৰখনত অনুষ্ঠিত হ’ব লগা ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতেও আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী।