কলগাছিয়াৰ পৰা ছফিকুল হাছান, ১৩ ডিচেম্বৰঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া আদৰ্শ পঞ্চায়ত এলেকাধীন সুতিৰপাথাৰ গাঁৱৰ ৰাইজ এটুপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। কলগাছিয়াৰ আদর্শ পাঞ্চায়তৰ অন্তৰ্গত সুতিৰপাথাৰ, আমগুৰি, খাৰবাল্লীকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজ উপযুক্ত খোৱা পানীৰ অভাৱত বেকি নদীৰ চৰত গাত খান্দি লেতেৰা পানীৰে নিজৰ তৃষ্ণা নিবাৰণ কৰিবলৈ বাধ্য হৈছে। খোৱা পানীৰ অভাৱত গাঁৱৰ ৰাইজে এই লেতেৰা পানী ঘৰলৈ নি গৰম কৰি খোৱাৰ উপযোগী কৰি ব্যৱহাৰ কৰি আছে। উল্লেখ্য যে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা কেইবা কোটি টকা ব্যয় কৰি জনসাধাৰণ বাবে বিশুদ্ধ খোৱা পানী যোগানৰ আঁচনি স্থাপন কৰা হৈছে যদিও এই আঁচনিসমূহ প্ৰকৃততে কিমান সফল হৈছে ইয়াৰ প্ৰমাণ কলগাছিয়াৰ এই গাঁওসমূহত দেখিবলৈ পোৱা যায়। বৰপেটা জিলাৰ লোকসভাৰ সাংসদ চিৰাজুদ্দিন অজমলে কলগাছিয়া পাঞ্চায়তক আদৰ্শ গাঁও পঞ্চায়ত হিচাপে ঘোষণা কৰিছিল যদিও এই অঞ্চলৰ ৰাইজ বিশুদ্ধ খোৱা পানীৰ বাবে এইদৰে হাহাকাৰ কৰিবলগীয়া হোৱাত চিৰাজুদ্দিন অজমলৰ আদৰ্শ গাঁও পঞ্চায়ত ফোঁপোলা স্বৰূপ উদং হৈছে।