কলগাছিয়া, সংবাদ ৩৬৫, ১৬ ফেব্ৰুৱাৰী: যোৱা বৃহস্পতিবাৰে জম্মু কাশ্মীৰত কৰ্মৰত ৪৪ জনকৈ ভাৰতীয় সেনা জোৱানক পাকিস্তানৰ উগ্ৰপন্থীয়ে আত্মঘাতী বোমাৰে হত্যা কৰা ঘটনাই সমগ্ৰ দেশব্যাপী তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ সময়তে কলগাছিয়াতো বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছে। শনিবাৰে কলগাছিয়া পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয় চৌহদত হাতে হাতে প্লে কাৰ্ড লৈ জইছ ঈ মহম্মদ হুচিয়াৰ, পাকিস্তান হুচিয়াৰ, পাকিস্তান মূর্দাবাদ উগ্ৰপন্থী নিপাত যাওক, ভাৰতীয় সেনা জোৱান জিন্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰি তোলে। শিক্ষকে মন্তব্য দিয়ে পাকিস্তানৰ যদি ইমান সৎ শাসক আছে ভাৰতৰ লগত প্ৰত্যক্ষ বাবে যুদ্ধ কৰক। যদি নোৱাৰে এনে ধৰণৰ কাৰ্যকলাপ বন্ধ কৰক, লগতে ভাৰত চৰকাৰক অনুৰোধ ৰাখিছে ইয়াৰ প্ৰত্যুত্তৰ উত্তৰ দিয়ে।