বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ১৫ফেব্ৰুৱাৰী: ৰাজ্যৰ কৃষক সকলৰ কল্যাণৰ বাবে কৃষি উন্নয়ন সন্থা অসমে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। অত্যাধুনিক সজুঁলিৰে কৃষি ভূমি চাহ কৰাৰ লগতে অধিক উৎপাদনৰ লক্ষ্যৰে ৰেহাই মূল্যত সাৰ-পানী আৰু কীটনাশক দ্ৰব্য যোগান ধৰি ৰাজ্যৰ কৃষি খণ্ডত এক বিশেষ মাত্ৰা প্ৰদানৰ পণ লৈছে সন্থাই। ইতিমধ্যে ৰাজ্যখনৰ নগাওঁ, মৰিগাঁও আৰু শোণিতপুৰ জিলাৰ কৃষক সমাজক একত্ৰিত কৰি ৯২টা কৃষি উন্নয়ন গোট গঠন কৰি ৪০শতাংশ ৰেহাই মূল্যত কৃষক সকলৰ মাটি চাহ কৰাৰ লগতে ৰেহাই মূল্যত ৰাসায়নিক সাৰ আৰু ঔষধ বিতৰণৰ কাম আৰম্ভ কৰিছে ।সন্থাৰ নগাওঁ আৰু মৰিগাঁও জিলাৰ তত্বাৱধায়ক হিফজুৰ ৰহমানে জানিব দিয়া মতে, নগাওঁ জিলাৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ২০টা, মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ২০টা, লাহৰিঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩৫টা, ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৫টা, আৰু শোণিতপুৰ জিলাৰ বৰছলা উন্নয়ন খণ্ডৰ অন্তর্গত ২টা কৃষি উন্নয়ন গোটক ১৩ফেব্ৰুৱাৰীৰ পৰা ৰেহাই মূল্যত ৰাসায়নিক সাৰ আৰু ঔষধ বিতৰণ কৰি আহিছে। ইয়াৰ অংশ হিচাপে শুকুৰবাৰে দিনৰ ১বজাত বেচামাৰিত সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক (প্ৰশাসনিক) ৰুলেন হাজৰিকাৰ বাস গৃহত অঁকৰা বড়ি কৃষি উন্নয়ন গোটৰ সভাপতি তীৰ্থেশ্বৰ কুমাৰ নাথক উক্ত কৃষক গোটৰ কৃষক সকলৰ বাবে ৮০বেগ ইউৰিয়া আৰু চুপাৰ বিতৰণ কৰাৰ লগতে ডিএপি,চয়েল আৰু সাথী বিতৰণ কৰে।উক্ত বিতৰণ অনুষ্ঠানত সন্থাৰ কাৰ্য্যবাহি সদস্য মইনুল হকৰ লগতে অঞ্চলটোৰ ভালেসংখ্যক কৃষক উপস্থিত আছিল। শুকুৰবাৰৰ ৰেহাই মূল্যৰ সাৰ বিতৰণ অনুষ্ঠানত নগাওঁ আৰু মৰিগাঁও জিলাৰ তত্বাৱদায়কৰ দায়িত্বত থকা হিফজুৰ ৰহমানে কয় যে, উচিত মূল্য বিচাৰি কৃষকে আৰু হাবাথুৰি খাব নালাগে কৃষকৰ উৎপাদিত সামগ্ৰী সন্থাই উচিত মূল্যত বিক্ৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায় ।