তামুলপুৰ, সংবাদ ৩৬৫, ১৫ ফেব্ৰুৱাৰী: জম্মু কাশ্মীৰত পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জ্বেইশ্যৰ ভয়ংকৰ আত্মঘাতী আক্ৰমণত নিহত ৪৪ গৰাকীকৈ চি আৰ পি এফ জোৱানৰ ভিতৰত এজন তামুলপুৰৰ মনেশ্বৰ বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে । শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ ঘৰ তামুলপুৰৰ কলবাৰীত । উল্লেখযোগ্য যে কলবাৰী গাঁৱৰ নিবাসী প্ৰয়াত দানিৰাম বসুমতাৰী আৰু প্ৰয়াত বাসন্তী বসুমতাৰীৰ সুযোগ্য সন্তান মনেশ্বৰ বসুমতাৰী ( ৪৮ ) য়ে ১৯৯৪ চনত চি আৰ পি এফত যোগদান কৰে। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ চি আৰ পি এফত যোগদান কৰে। সৰুৰে পৰাই দেশ মাতৃৰ সেৱাৰ মনোভাব মনত পোষণ কৰা মনেশ্বৰ বসুমতাৰী। সুদীৰ্ঘ ২৬ বছৰে দেশ সেৱাত ব্ৰতী হৈ থকা মনেশ্বৰে সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱাব লগীয়া হোৱা খবৰ চৌদিশে বিয়পি পৰাৰ লগে লগে শোকত ম্ৰিয়মান হৈ পৰে অঞ্চলটোৰ সৰ্বস্তৰৰ ৰাইজ । মনেশ্বৰৰ এই দুসংবাদ লাভ কৰাৰ লগে লগে কলবাৰীস্থিত তেওঁৰ বাসগৃহত অগণন ৰাইজৰ সমাবেশ ঘটে । শোকত ভাগি পৰে মনেশ্বৰৰ পত্নী চানমুঠি বসুমতাৰী আৰু দুই কন্যা – পুত্ৰ সন্তান ক্ৰমে দিদামশ্ৰী বসুমতাৰী আৰু ধনঞ্জয় বসুমতাৰী । ঘৰখনত বিৰাজ কৰে এক শোকাকুল পৰিবেশ । কান্দি কান্দি সংবাদ মাধ্যমৰ আগত বহু কথাই কয় তেওঁৰ পত্নী আৰু দুই সন্তানে । নিজৰ স্বামী আৰু পিতৃৰ মৃত্যুৰ বাতৰি সহজভাৱে মানি ল’ব পৰা নাই দুই সন্তান আৰু পত্নীয়ে। অসম চৰকাৰ , চি আৰ পি এফ বাহিনীৰ উচ্চ পদস্থ বিষয়া , দল সংগঠনসমূহে সমবেদনা জ্ঞাপন কৰে মনেশ্বৰৰ পৰিয়ালক। মনেশ্বৰ বসুমতাৰীৰ মৃত্যুৰ বাতৰি পাই শুকুৰবাৰে পুৱাই চি আৰ পি এফ বাহিনীৰ উচ্চ পদস্থ বিষয়া আহি তেওঁৰ বাসগৃহত উপস্থিত হয় । অসম চৰকাৰৰ মন্ত্ৰী ভবেশ কলিতা , ৰাজ্যিক বি জে পিৰ সভাপতি ৰঞ্জিত দাস , বাক্সা জিলাৰ উপায়ুক্ত ভাস্কৰ পেগু , আৰক্ষী অধীক্ষক প্ৰতীক থুৱে , তামুলপুৰৰ বিধায়ক তথা বি পি এফ দলৰ সাধাৰণ সম্পাদক ইমানুৱেল মোছাহাৰী, সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকা, তামুলপুৰ জিলা এ বি এমছুৰ সভাপতি টাইচন হুচেইন, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দমন পাটোৱাৰী, সম্পাদক অনুপ কলিতা আদিকে ধৰি কেইবাজনেও মনেশ্বৰৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। জানিব পৰা মতে কাইলৈ দিনৰ ভাগত মনেশ্বৰৰ মৃতদেহ আহি তামুলপুৰৰ কলবাৰী পাব । ইতিমধ্যে ৰাষ্ট্ৰীয় মৰ্যাদাৰে মনেশ্বৰৰ শেষ কৃত্য সম্পন্ন কৰিবলৈ যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ইপিনে তেওঁৰ বাসগৃহৰ ওচৰতে শেষ কৃত্য সম্পন্ন কৰাৰ বাবে চি আৰ পি এফ বাহিনীয়ে গাঁওবাসীৰ সহযোগত প্ৰস্তুতি চলাই আছে।