কলগাছিয়া, সংবাদ ৩৬৫, ১১ আগষ্ট: বিদ্যুৎ মন্ত্ৰী তপন গগৈৰ বিদ্যুৎ সেৱা এতিয়া ধোৱা চাঙত। অনিয়মীয়া বিদ্যুৎ সেৱাই জ্বলা কলা খুৱাইছে ৰাইজক। দীৰ্ঘদিন ধৰি বিদ্যুতৰ লুকা-ভাকুয়ে অতিষ্ঠ কৰি তোলাত শনিবাৰে বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত বৃহত্তৰ কলগাছিয়া বিদ্যুৎ বিল সংগ্ৰহ কেন্দ্ৰত কেন্দ্ৰটোত থকা কৰ্মচাৰীক কাৰ্য্যালয়ৰ পৰা উলিয়াই তলা লগাই তীব্ৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। বিদ্যুৎ মন্ত্ৰী তপন গগৈ আৰু অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি প্ৰতিবাদকাৰী উত্তেজিত ৰাইজে অতি সোনকালে নিয়মিত বিদ্যুৎ যোগানৰ দাবী দিয়ে। বৃহত্তৰ কলগাছিয়াত যদি বিদ্যুৎ নিয়মীয়াকৰণ নকৰে তেন্তে অহা ১৬ আগষ্টত ছাত্ৰ-ছাত্ৰীক লৈ কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্য্যালয় ঘেৰাও কৰা হব বুলি ভাবুকি দিয়ে।