তেজপুৰ, সংবাদ ৩৬৫, ১১ আগষ্ট: এতিয়াৰে আপুনি চিকিৎসালয়লৈ যাওঁতেও সাৱধান হওক। আপোনাৰ আগে পাছে তহল দি থাকিব পাৰে চোৰ। চিকিৎসালয়টো আপোনাৰ নিৰাপত্তা নাই। এইবাৰ এম্বুলেঞ্চৰ চালক নামিছে দিন ডকাইতিত।তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত এতিয়া এম্বুলেঞ্চৰ চালক নামিছে দিন ডকাইতিত ৷ ৰোগীৰ আত্মীয়ক ডকাইতি কৰে চৰকাৰী চিকিৎসালয় খনৰ বাহিৰত ৰৈ থকা ব্যক্তিগত এম্বুলেঞ্চৰ একাংশ চালক আৰু কৰ্মচাৰীয়ে ৷ শনিবাৰে ফাৰুক হুচেইন নামৰ চালক জনে চিকিৎসালয়লৈ অনা ৰোগীৰ আত্মীয়পৰা লুটিলৈ যায় প্ৰায় ৪ হাজাৰ টকা ৷ পাচত হাতে লুতে ধৰাৰ পিছত উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে ৷ইয়াৰ পূৰ্বে এই চালক জনে কনকলতা অসাময়িক চিকিৎসালযৰ ব্লাড বেংকৰ পৰা তেজ চুৰি কৰি ধৰা পৰিছিল এই দিন ডকাইত জনে ৷ গতিকে এতিয়াৰে পৰা চিকিৎসালয়লৈ ৰোগী আনোতে সাৱধান হওক।