কোকৰাঝাৰ, সংবাদ ৩৬৫, ৫ জুলাইঃ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষিত কৰাৰ পিছত যোৱা ২৩ জুনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কোকৰাঝাৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা চিৰাং জিলাৰ পুৱ এংকৰবাৰীৰ নিৱাসী অন্নবালা ৰায়ক বৃহস্পতিবাৰে ১২ দিনৰ পিছত মুকলি কৰি দিয়া হয়। ভাৰতীয় নাগৰিক হিচাপে অন্নবালা ৰায়ৰ সকলো নথিপত্ৰ থকাৰ পিছতো বিদেশী বুলি ঘোষণা কৰা বুলি অভিযোগ উত্থাপিত কৰি আক্ৰাছুৱে অন্নবালা ৰায়ৰ মুক্তিৰ দাবীত কেইবাদিন ধৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল আৰু আক্ৰাছুৱে অন্নবালা ৰায়ক জামিনত মোকলাই লোৱাৰ বাবে আদালতত যাৱতীয় নথিপত্ৰ জমা দিয়াৰ পিছত অৱশেষত চিৰাং জিলা বিদেশী ন্যায়াধিকৰণে অন্নবালা ৰায়ৰ জামিন মঞ্জুৰ কৰি সুদীৰ্ঘ ১২ দিনৰ অন্তত অন্নবালা ৰায় মুকলি কৰি দিয়া। বৃহস্পতিবাৰে কোকৰাঝাৰস্থিত ডিটেনচন কেম্পৰ পৰা অন্নবালা ৰায় মুক্তি লাভ কৰাৰ পিছত আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনকে ধৰি আক্ৰাছুৰ কেইবাগৰাকী নেতা কৰ্মীয়ে অন্নবালা ৰায়ক আদৰণি জনায়। আনহাতে অন্নবালা ৰায় জামিনত মুক্তি পোৱাৰ পিছতে আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে এয়া কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি কৰা এক গভীৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰি পুনৰাই এনে ঘটনা সংঘটিত হলে আক্ৰাছু হাত সাৱটি বহি নাথাকে বুলি উল্লেখ কৰি গোকুল বৰ্মনে বিদেশী সজোৱাৰ নামত খিলঞ্জীয়াৰ ওপৰত এনে নিৰ্যাতন বন্ধ কৰিবলৈও চৰকাৰক সকিয়াই দিয়ে। ইপিনে আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মনে কমতাপুৰৰ কোনো স্থায়ী বাসিন্দা বিদেশী হ’বই নোৱাৰে বুলি উল্লেখ কৰি এয়া ৰাজনৈতিক চক্ৰান্ত বুলি মন্তব্যৰে হিতেশ্বৰ বৰ্মনে কোচ ৰাজবংশী জনগোষ্ঠীক গিনিপিগ সজোৱাৰ প্ৰচেষ্টা বাদ দিবলৈ সকিয়নি দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যাতে ভৱিষ্যতে এনে কাৰ্য নকৰে তাৰ প্ৰতিও সচেতন হবলৈ আহ্বান জনায়।