বাক্সা, সংবাদ ৩৬৫, ৫ জুলাইঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত খাদ্যৰ সন্ধান্তন বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি বনৰীয়া হাতীয়ে উপদ্ৰুপ চলাই থকাৰ সময়তে বুধবাৰে নিশা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলী চাহ বাগিচাৰ ৬ আৰু ৮ নম্বৰ লাইনৰ ৯টাকৈ পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে বনৰীয়া হাতীৰ জাকে। স্থানীয় ৰাইজে জানিব দিয়া মতে বাৰিষাৰ সময়ছোৱাত সাধাৰণতে বনৰীয়া হাতী জনাঞ্চললৈ ওলাই অহা পৰিলক্ষিত নহয় যদিও বুধবাৰে নিশা অনাকাংশিত ভাৱে বনৰীয়া হাতীৰ জাক অঞ্চলটোত ওলাই আহি আক্ৰমণ কৰাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে।