গুৱাহাটী, ১৬ আগষ্টঃ গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সক্ষম ভাৰত শক্তিশালী ভাৰত শীৰ্ষক এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয় ভাৰত তিৰ্ব্বত চীনা অধ্যায় আৰু নেফনি স্কুল অৱ নাৰ্চিংৰ উদ্যোগত আয়োজিত আলোচনা চক্ৰত চীনা সামগ্ৰী বৰ্জন, ভাৰতীয় সামগ্ৰী ব্যৱহাৰৰ জৰিয়তে ভাৰতবৰ্ষক উদ্ধাৰ কৰা সন্দৰ্ভত বিস্তৃত ভাবে আলোচনা কৰা হয় অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থকা ইন্দ্ৰেশ কুমাৰে কয় যে, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ভাৰতীয়৷ এই কথাষাৰ আমি সকলোৱে উপলদ্ধি কৰি ভাতৃত্ববোধ গঢ়ি তুলিব লাগিব৷ কূটনীতিৰ ক্ষেত্ৰত বৰ্তমান ভাৰতবৰ্ষক বিশ্বৰ চাৰিখন দেশৰ ভিতৰত ধৰা হয়৷ কিন্তু চীন আৰু পাকিস্থানে কোনো দেশৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ আমি মিলিজুলি আগবাঢ়ি যাম নে যুঁজ কৰি আগবাঢ়ি যামসেই সিদ্ধান্ত আমিয়েই ল’ব লাগিব৷ উত্তৰপূৱৰ মানুহৰ খং উঠিবলৈ সময় লাগে, যুঁজ কৰিবলৈ অধিক সময় লাগে, কিন্তু প্ৰেম, মৰম কৰিবলৈ সময় নালাগে৷ উত্তৰপূৱৰ মানুহে সকলোকে মৰম কৰে৷ বৰ্তমান চীনৰ অগ্ৰাসনৰ পৰা দেশখনক উদ্ধাৰ কৰিবলৈ হ’লে আমি চীনা সামগ্ৰী বৰ্জন কৰি ভাৰতীয় সামগ্ৰী ব্যৱহাৰত গুৰুত্ব দিব লাগিব৷ অনুষ্ঠানটোত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি মমিনুল আৱাৰ, উৰিষ্যা সংখ্যালঘু বৰ্ডৰ উপ অধ্যক্ষ মহম্মদ আলি, বিশিষ্ট মুক্তিযুঁজাৰু কৃষ্ণ কুমাৰ লহকৰ, নেফনি স্কুল অৱ নাৰ্চিংৰ অধ্যক্ষ বাবুল আলি লগতে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷