কলগাছিয়া, সংবাদ ৩৬৫, ১৯ আগষ্ট: বৰপেটাৰ জনীয়া হৈ বামুনতাৰী লেংতিছিঙা অভয়াপুৰীৰ নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি থকা অৱস্থাতে বেকী নৈৰ বাঢ়নী পানী উঠা নমা কৰি থকাৰ পিছতো ঠিকাদাৰৰ অৱহেলাৰ বাবেই দেওবাৰে দলঙৰ পূব অংশ বেকী নৈৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যোৱাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা।দেওবাৰে পুৱাৰ ভাগৰ পৰা দলং পথ নিৰ্মান কৰা কোম্পানীযে জিও বেগ পেলোৱাৰ ব্যৱস্থা লৈছে যদিও দলং খনেৰে যান বাহন একো অতিক্ৰম কৰিব নোৱাৰি সপূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা। বেঁকী নদীৰ ওপৰত স্থাপন হোৱা আৰ চি চি দলংখনৰ পূব অংশৰ আশে পাশে কোনো বান্ধ নথকাত স্কুল মছজিদ অংগনবাদী কেন্দ্ৰৰ লগতে কেইবাটাও বসতি ঘৰ বেকী নৈৰ পানীয়ে সম্পূৰ্ণ ৰূপে উটুৱাই লৈ যায়। দৈনিক ৩০০ কৈ জিও বেগ পেলাইছে আৰু বিভাগীয় কৰ্তৃপক্ষই নিৰ্দেশ দিয়াৰ পিছত মাত্ৰ ১২ দিনহে কাম কৰিছে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে। বেকীৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৪০ হেজাৰ জিও বেগ পেলোৱা হৈছে বুলি মন্তব্য কৰে কলগাছিয়াৰ গাওঁবুঢ়াই। কিন্তু স্থানীয় ৰাইজে অভিযোগ কৰে যে ৪০ হেজাৰ জিও বেগ পেলোৱাটো সম্পূৰ্ণ মিছা কথা। বেকী নৈৰ বাঢ়নী পানীয়ে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত নৈপৰীয়া গাঁও সমূহত যিদৰে খহনীয়াৰ সৃষ্টি কৰি আহিছে এই প্ৰতিৰোধৰ বাবে বিভিন্ন দল সংগঠনে পানীত নামি প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও জংগী আন্দোলনৰ ভাবুকি দিছে। কিন্তু চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষৰ গা লৰিছে যদিও গা লৰা নাই ঠিকাদাৰৰ। কেৱল ঠিকাদাৰৰ অৱহেলাৰ বাবেই দলঙৰ অংশ বেকী নৈত জাহ গৈ হাজাৰ হাজাৰ লোকৰ যাতায়তৰ ব্যৱস্থা ব্যাহত হৈ পৰিছে।