সৰভোগ, সংবাদ ৩৬৫, ২০ আগষ্ট: উত্তৰ অভায়াপুৰীৰ নিকটৱৰ্তী বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত বালাগাৱত খোৱা পানীত বিষ মিহলাই তিনিটা পৰিয়ালৰ ১৫ জন সদস্যক হত্যাৰ চেষ্টা কৰে দেওবাৰে নিশা দূৰ্বৃত্তই। উল্লেখ্য যে দেওবাৰে নিশাৰ আন্ধাৰত দূৰ্বৃত্তই বালাগাৱৰ নিৰেন ৰায়ৰ ঘৰত খোৱা পানীৰ ফিল্টাৰ আৰু দমকলত বিষ ঢালি থৈ যায়। ৰাতিপুৱা শুই উঠিয়েই নিৰেণৰ কনমানি লৰা আৰু ঘৈনিয়েকে দমকলত পানী খাব যায়। সৌভাগ্যক্ৰমে দমকলৰ পৰা পানী নোলোৱাত নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰে পৰিয়ালৰ লোক সকল। পিছত দমকল আৰু ফিল্টাৰত বিষ ঢালি দিয়া ঘটনা পোহৰলৈ অহাৰ লগে লগে স্তম্ভিত হৈ পৰে পৰিয়ালৰ সদস্য সকল। খোৱা পানীত বিষ মিহলাই ক্ষান্ত নাথাকি নিৰেণৰ ঘৰৰ বহু মূল্যৱান সামগ্ৰী নষ্ট কৰি থৈ যায় দুৰ্বৃত্তই। তাৰোপৰি নিৰেণৰ আন দুজনী বায়েকৰ ঘৰতো দূৰ্বৃত্তই অনুৰূপ ঘটনাই সংঘটিত কৰে। পৰিয়াল কেন্দ্ৰীক হিংসাৰ বাবেই এনে ভয়ংকৰ ঘটনা সংঘটিত কৰিছে বুলি কুশল ৰায় নামৰ লোক জনৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। ইতিমধ্যে ভুক্তভোগী পৰিয়ালে সৰভোগ থানাত এজাহাৰ দাখিল কৰিছে।