পলাশবাৰী, সংবাদ ৩৬৫, ৫ নৱেম্বৰ: সোমবাৰে পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰনৱ কলিতাৰ পুত্তলিকা দাহ কৰি কলৰ ভেল বান্ধি নদীত উটাই দিয়ে ৰাইজে। নিৰ্বাচনৰ পূৰ্বে সকলো দলে দিয়া প্ৰতিশ্ৰুতিৰ দৰে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি দলেও ২০১৬ অসম বিধান সভা নিৰ্বাচনত অলেখ প্ৰতিশ্ৰুতি দিছিল। ২০১৬ অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে যেন অসমৰ ৰাইজে বোকাতহে পৰি আছিল, তেনে এক পৰিবেশৰ সৃষ্টি কৰিছিল বিজেপি দলে ৰাইজক অলেখ প্ৰতিশ্ৰুতি দি। সংবাদ মাধ্যম, ছচিয়েল মিডিয়া সকলোতে পৰিৱৰ্তনৰ শ্লোগান গাই ৰাইজক আবেগিক কৰি তুলিছিল। কেৱল নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিভিন্ন প্ৰতিশ্ৰুতি দি ৰাইজৰ পৰা ভোটভিক্ষা মাগিবলৈ আহে ৰাজনৈতিক নেতা সমুহে আৰু নেতা সমূহৰ প্ৰতিশ্ৰুতিত ভোল গৈ ৰাইজে ভোট দিয়ে নেতাসমূহক । কিন্তু নিৰ্বাচনত ৰাইজৰ ভোট লৈ বিজয়ী হোৱা নেতা সমূহে যেন পাহৰি যায় তেওঁলোকৰ প্ৰতিশ্ৰুতিসমূহ। সোমবাৰে তাৰবাবেই উত্তাল হৈ পৰে ছয়গাঁৱৰ সাপৰটাৰী । নিৰ্বাচনত প্ৰাকমুহুৰ্তত পলাশবাৰী সমষ্টিৰ হৈ প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক দলৰ নেতা সমূহে পথ নিৰ্মান,দলং নিৰ্মান আদি বিভিন্ন প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পুৰণ নকৰাৰ বিৰুদ্ধে ছাত্ৰ ঐক্য সেনা অসমৰ লগতে সাপৰটাৰী আঞ্চলিক ঐক্য সেনা অসম সমিতিৰ সহযোগত প্ৰতিবাদ কৰিবলৈ ওলাই আহে সাপৰটাৰী অঞ্চলৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী । পলাশবাৰী সমষ্টিৰ বিধায়ক মুৰ্ন্দাবাদ,অসম চৰকাৰ হুচিয়াৰ আদি বিভিন্ন শ্লো গানেৰে পৰিবেশ উত্তাল কৰি তোলে কলহী নৈৰ পাৰত। আৰু পলাশবাৰী সমষ্টিৰ হৈ বৰ্তমানলৈকে ১২ বছৰ বিধায়ক হৈ থকা প্ৰনৱ কলিতাই অঞ্চলটোৰ কোনো উন্নয়ন নকৰাৰ বাবে ৰাইজে বিধায়ক প্ৰনৱ কলিতাৰ প্ৰতিমুৰ্ত্তি দাহ কৰি কলৰ ভেলত উটুৱাই দিলে কলহী নৈত। আনহাতে স্বাধীনতাৰ ৭১ বছৰ পিছতো অঞ্চলটোৰ ৰাইজে বৰ্তমানেও বছৰটোৰ ১২ টা মাহে নৈৰ ওপৰেৰে নাওৰে পাৰ হয় ফলত অতি যন্ত্ৰনাত ভোগে গৰ্ভৱতী মহিলাই।