মিৰ্জা, সংবাদ ৩৬৫, ৫ নৱেম্বৰ: অসমৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ সোমবাৰে ৫ নৱেম্বৰৰ দিনা পৱিত্ৰ স্মৃতি দিৱসৰ দিনা সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ-বিদেশতো সুধাকণ্ঠগৰাকীক শ্ৰদ্ধাৰে সুঁ‌ৱৰে অগণন শ্রোতাই। তেখেতৰ পৱিত্ৰ স্মৃতি দিৱসৰ দিনা তেখেতৰেই অমুল্য অৱদানবোৰ শ্ৰদ্ধাৰে সুঁ‌ৱৰি প্ৰতিবছৰৰ ৫ নৱেম্বৰত এই দিৱসৰ বৰ্ণাঢ্য কাৰ্যসুচীৰ আয়োজন কৰা হয় সমগ্ৰ বিশ্বত । সেয়ে তাৰ সমান্তৰালকৈ মহানগৰীৰ পাৰ্শ্বৱৰ্তী ঐতিহাসিক বৃহত্তৰ ৰাণীতো প্ৰতিভাসন্ধানী অনুষ্ঠান ‘স্বাক্ষৰ’ৰ উদ্যোগত সুধাকন্ঠগৰাকীৰ পৱিত্ৰ স্মৃতি দিৱসটি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত কৰা হয় । ৰাণী শাখা ছাত্ৰ সন্থাৰ স্থায়ী কাৰ্য্যালয়ত কাৰ্যসুচী অনুসৰি ৰাতিপুৱা ৯ বজাত ড° ভূপেন হাজৰিকাৰদেৱৰ প্ৰতিকৃতিত মাল্যাৰ্পণ তথা পুষ্পাঞ্জলি প্ৰদান কৰে স্বাক্ষৰৰ মুখ্য আহ্বায়ক তথা অধ্যাপক ডেভিদ স্বৰ্গীয়াৰীয়ে । অঞ্চলটোৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত “আমাৰ ভূপেন দা” শীৰ্ষক কবিতা পাণ্ডুলিপি প্ৰতিযোগীতা, “অসমৰত্ন ড° ভুপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি” ৰচনা পাণ্ডুলিপি প্ৰতিযোগীতা , চিত্ৰাংকণ প্ৰতিযোগীতা , কবিতা আবৃত্তি প্ৰতিযোগীতা , বক্তৃতা প্ৰতিযোগীতা আদি বিভিন্ন সাহিত্য প্ৰতিযোগীতা অনুষ্ঠিত কৰে ।