নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ মে’ : অসমত নিবনুৱা সমস্যা এতিয়া আৰু নতুন সমস্যা হৈ থকা নাই । এই সমস্যা চিৰপৰিচিত । পৰিস্থিতি এনেকুৱা হৈছেগৈ যে অসমৰ যুৱক-যুৱতীসকলে উচ্চ শিক্ষা গ্ৰহণ কৰিও চৰকাৰী চাকৰি লাভ কৰিব পৰা নাই। ইয়াৰোপৰি, অসমৰ গাঁৱে ভূঞে, নগৰে-চহৰে বহু স্ব-নির্ভৰশীল পদ্ধতিৰে উপার্জন কৰিব পৰা পথ সুচল হৈ পৰি আছে যদিও

পশ্চিমীয়া দেশসমূহৰ দৰে আমাৰ ৰাজ্যত কর্ম সংস্কৃতিৰ মনোভাৱ গঢ়ি উঠা নাই ।

এনে সময়তে আলফা নেতা জিতেন দত্তই কথাৰে নহয় কামেৰে নিজেই এটি থলুৱা সামগ্ৰীৰে কাঁহী, বাতি, চামুচ নিৰ্মান কৰিব পৰা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি নিবনুৱা যুৱকসকললৈ এটি উপাৰ্জনৰ বাট মুকলি কৰি দিছে । তামোলৰ ঢকুৱাৰ পৰাই কাঁহী, বাতি,চামুচ আদি বনোৱা এটা ক্ষুদ্ৰ উদ্যোগৰ শুভাৰম্ভ কৰে কাকপথাৰ ডেজিগনেটেড শিবিৰত । এই উদ্যোগটো প্ৰতিষ্ঠা কৰাত আৰ্ট অফ লিভিঙে সহযোগ কৰে বুলি জিতেন দত্তই জানিবলৈ দিছে । উদ্যোগটোৰ শুভ উদ্বোধন কৰে শদিয়াৰ বিধায়ক মাননীয় বলিন চেতিয়াই। ইয়াৰোপৰি উদ্যোগটোত প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হৈছে । বিদ্যুৎৰ দ্বাৰা পৰিচালিত হোৱা মেচিনবোৰৰ এটা মেচিনৰ পৰা এদিনত ১৫০০ খনকৈ প্লেট ওলাব। ইতিমধ্যে দুটা মেচিন স্থাপন কৰা হৈছে উদ্যোগটোত । খুব সোনকালেই ঢকুৱাৰ দ্বাৰা নিৰ্মিত এই বাচনসমূহ বজাৰত উপলব্ধ হ’ব।

ইয়াৰ আগতেও দত্তই ডিব্ৰুগড়ৰ চাবুৱাত নন্দিনী এই হেণ্ডলুম নামৰ এটা হেণ্ডলুম চেন্টাৰ গঢ় দিছিল। প্রায় ৮ গৰাকী শিপিনীয়ে বৈ উলিয়াই পাট, মূগা, টচ, পদ্মিনী আদি বিভিন্ন প্ৰকাৰৰ উন্নত মানদণ্ডৰ চাদৰ মেখেলা আৰু গামোচা।

আনহাতে অহা ডেৰ বছৰৰ ভিতৰত মাছৰ ক্ষেত্ৰতো স্বাৱলম্বী হৈ দেখাম বুলি কয় দত্তই। ইতিমধ্যে নলবাৰীৰ মুকালমুৱাৰ চৰকাৰী এখন বিল লীজত লৈ ৬০০ বিঘাৰ এটা ফিচাৰি তৈয়াৰ কৰি এই কাম আৰম্ভ কৰিছে আৰু অহা ডিচেম্বৰৰ ভিতৰত এই ফিচাৰীৰ মাছ বজাৰত মুকলি কৰিব ।

নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এইয়া নিশ্চয়কৈ আশাৰ বতৰা । এটা চৰকাৰী চাকৰি বা কোম্পানীৰ চাকৰিৰ আশাত আশা পালি থকা শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলে জিতেন দত্তৰ এই পদক্ষেপ কেনেদৰে আদৰি লয় সেয়াহে হ’ব লক্ষণীয়।