গুৱাহাটী, সংবাদ ৩৬৫, ১২ মে’: জিৱাই এছ এফ চি চি ড্ৰেগন্স, সৰুসজাই হক্‌ছ, জিটিচি ৰাইনোজ, ৰিংচাং ঈগল্‌ছ, এনএফআৰ ক্ৰ’জ আৰু বিএমৱাইচি থাণ্ডাৰ্ছে নিজ নিজ শাখাত গ্ৰেটাৰ গুৱাহাটী বেবী লীগৰ প্ৰথম ছিজনৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ গুৱাহাটী চিটী এফ চি (জিচিএফচি) আৰু স্প’ৰ্টছ ক্ৰাফ্‌ট মেনেজমেণ্টে অসম ফুটবল সংস্থাৰ লগতে ডেকাথল্‌ন, চেম্পিয়ন্স ফুড ক’ৰ্ট আৰু ইগুৱাৰ সহযোগত আয়োজন কৰা অসমৰ সৰ্বপ্ৰথম এই বেবী লীগৰ আজি নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত অনুৰ্ধ ১১, ১৩ আৰু ১৪ শাখাৰ ছেমি ফাইনেলত ছখন উপভোগ্য মেচ উপহাৰ দিয়ে যুৱ ফুটবলাৰসকলে।

অনুৰ্ধ ১১ শাখাত জিৱাই এছ এফ চি চি ড্ৰেগন্সে জিটিচি ড্ৰেগন্সক ১-০ ব্যৱধানত পৰাস্ত কৰে ৷ বিজয়সূচক গ’লটো দিয়ে অভিষেক বড়োৱে ৷ আনখন ছেমিফাইনেলত সৰুসজাই হক্‌ছে সংস্কৃতি ৱেৰিয়ৰ্ছক ৫-০ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ৷ হক্‌ছৰ হৈ প্ৰিতম ব্ৰহ্ম আৰু আয়ানভ ভূঞাই দুটাকৈ গ’ল স্ক’ৰ কৰে ৷ উৎকৰ্ষ বৰাই এটা গ’ল কৰে ৷

অনুৰ্ধ ১৩ত জিটিচি ৰাইনোজে এজি লিঅ’পাৰ্ডছক পেনাল্টী শ্বুট আউটত পৰাস্ত কৰে ৷ আনখন ছেমিফাইনেলত ৰিংচাং ঈগল্‌ছে থলুৱা পেন্থাৰ্ছক ৩-০ গ’লত পৰাস্ত কৰে ৷ কংকন দেৱ বৰদলৈয়ে দুগ’ল আৰু মহম্মদ ছামিয়ে এগ’ল দিয়ে ৷

অনুৰ্ধ ১৪ শাখাত এনএফআৰ ক্ৰ’জে দিছপুৰ লায়ন্সক ১-০ গ’লত পৰাস্ত কৰে ৷ একমাত্ৰ গ’লটো দিয়ে নয়নজ্যোতি সোণোৱালে ৷ আনখন ছেমিফাইনেলত বিএমৱাইচি থাণ্ডাৰ্ছে থলুৱা পেন্থাৰ্ছক ১-০গ’লত পৰাস্ত কৰে ৷ বিজয়সূচক গ’লটো দিয়ে ছানি ছিয়েনে ৷ পূৰ্বে অনুৰ্ধ ১৩ শাখাৰ কোৱাৰ্টাৰ ফাইনেলসমূহ অনুষ্ঠিত হয় ৷ মেচসমূহ ২৬ মে’ত অনুষ্ঠিত হ’ব।

আনহাতে, আজি এছিয়ান ফুটবল কনফেডাৰেচনৰ গ্ৰাছৰুট্‌ছ দিৱসো উদ্‌যাপন কৰা হয় আৰু এই উপলক্ষে বেবী লীগৰ অনুৰ্ধ ৭ আৰু ৯ ফুটবলাৰসকলে এখন প্ৰদৰ্শনী মেচত অংশ লয় ৷ উপলক্ষে অসম ফুটবল সংস্থাৰ যুটীয়া সম্পাদক প্লাৱন বৰুৱা উপস্থিত থাকে আৰু তেওঁলোকে জিচিএফচি তথা স্প’ৰ্টছ ক্ৰাফ্‌টৰ তৃণমূল বিকাশৰ কাৰ্যসূচীক প্ৰশংসা কৰি শিশু ফুটবলাৰসকলক আগবাঢ়ি যাবলৈ উদ্গনি দিয়ে আৰু এই ক্ষেত্ৰত অসম ফুটবল সংস্থাই সকলো সহযোগ আগবঢ়াব বুলি জিচি এফ চিৰ এটা বিবৃতিত এই কথা প্ৰকাশ কৰে।