নলবাৰী, সংবাদ ৩৬৫, ১৬ জুলাই: আকৌ খলকনি কংগ্ৰেছ দলত । হিমন্তবিশ্ব শৰ্মা আৰু জয়ন্তমল্ল বৰুৱাৰ পিছত কংগ্ৰেছ দল প্ৰত্যাখ্যান নলবাৰীৰ যুব নেতা কিশোৰ হাজৰিকাৰ। সোমাবাৰে আমবাৰীৰ অগপ মুখ্য কাৰ্যালয়ত সভাপতি অতুল বৰাৰ উপস্থিতিত যুব নেতা কিশোৰ হাজৰিকা প্ৰমুখ্যে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াই অগপ দলত যোগদান কৰে ৷ কিশোৰ হাজৰিকাৰ লগতে নলবাৰীৰ বহুকেইগৰাকী খেলুৱৈ,সাংস্কৃতিক কৰ্মীয়ে যোগদান কৰে ৷ এই যোগদান কাৰ্যসুচীত অগপ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ লগতে বিধায়ক প্ৰবীন্দ্ৰ ডেকা,সাধাৰন সম্পাদক কমলা কলিতা হাঁহ কুকুৰা আৰু পশুধন বিভাগৰ অধ্যক্ষ মনোজ শইকীয়া উপস্থিত থাকে ৷